বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়
azadi ka amrit mahotsav

অসমৰ ষ্টাৰ্টআপে সৰ্বাংগীন উদ্যোগীকৰণৰ বৃদ্ধিৰ প্ৰতিফলন ঘটোৱাৰ সময়তে ভাৰতে সম্পূৰ্ণ কৰিলে ষ্টাৰ্টআপৰ ১০ বছৰ

পোষ্ট কৰা হৈছে: 16 JAN 2026 4:36PM by PIB Guwahati

দেশৰ উদ্যোগীকৰণৰ পৰিৱেশতন্ত্ৰক শক্তিশালী কৰাৰ বাবে ২০১৬ চনত মাননীয় প্ৰধানমন্ত্ৰীয়ে আৰম্ভ কৰা ষ্টাৰ্টআপ ইণ্ডিয়া পদক্ষেপৰ ১০ বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষ্যে  আজি ভাৰতে ৰাষ্ট্ৰীয় ষ্টাৰ্টআপ দিৱস পালন কৰে। আৰম্ভনিতে ভাৰতত প্ৰায় ৪০০টা ষ্টাৰ্টআপ আছিল, মূলধনৰো সুবিধা সীমিত আছিল আৰু উদ্যোগীকৰণৰ বিষয়টোক  প্ৰায়ে প্ৰত্যাহ্বানমূলক তথা  অনিশ্চিত বুলি ধৰা হৈছিল। কিন্তু এইক্ষেত্ৰত গ্ৰহণ কৰা শেহতীয়া  পদক্ষেপে নিয়ন্ত্ৰণমূলক বিষয়ৰ সৰলীকৰণ, পুঁজিৰ উন্নত প্ৰৱেশ, মেণ্টৰশ্বিপ সমৰ্থন আৰু ষ্টাৰ্টআপৰ বাবে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিৰ জৰিয়তে এক সক্ষম পৰিৱেশ সৃষ্টি কৰাত গুৰুত্ব আৰোপ কৰিছিল।

যোৱা দশকত ষ্টাৰ্টআপৰ পৰিৱেশতন্ত্ৰৰ যথেষ্ট সম্প্ৰসাৰণ ঘটিছে। ভাৰতত এতিয়া ২ লাখতকৈ অধিক ডিপিআইআইটিৰ স্বীকৃতিপ্ৰাপ্ত ষ্টাৰ্টআপ আছে।  যিবোৰে  ২০১৬ চনৰ পৰা ৯৫ শতাংশ  বাৰ্ষিক বৃদ্ধিৰ হাৰ নথিভুক্ত কৰিবলৈ সক্ষম হৈছে।এতিয়া গড়ে দৈনিক প্ৰায় ৮০টা ষ্টাৰ্টআপে স্বীকৃতি লাভ কৰিছে। এই ষ্টাৰ্টআপসমূহে ২১ লাখৰো অধিক চাকৰিৰ সৃষ্টি কৰিছে, প্ৰতিটো ষ্টাৰ্টআপত গড়ে ১১টা চাকৰিৰ সৃষ্টি হৈছে। ষ্টাৰ্টআপৰ বৃদ্ধি ভৌগোলিক আৰু সামাজিক ক্ষেত্ৰত  বহল ভিত্তিত হৈছে। এতিয়া ৫২.৬ শতাংশ স্বীকৃতিপ্ৰাপ্ত ষ্টাৰ্টআপ টায়াৰ-২ আৰু টায়াৰ-৩ চহৰত অৱস্থিত।

প্ৰায় আধা সংখ্যক ষ্টাৰ্টআপৰ অন্ততঃ এগৰাকী মহিলা পৰিচালক আছে আৰু ষ্টাৰ্টআপসমূহ আই টি সেৱা, স্বাস্থ্যসেৱা তথা জীৱন বিজ্ঞান, শিক্ষা, কৃষি আৰু নিৰ্মাণকে ধৰি ৫৬টা বা ততোধিক খণ্ডত সক্ৰিয় হৈ আছে। বৰ্তমান ভাৰত বিশ্বৰ সৰ্ববৃহৎ ষ্টাৰ্টআপ পৰিৱেশতন্ত্ৰৰ ভিতৰত অন্যতম আৰু তৃতীয় বৃহত্তম ইউনিকৰ্ণ ৰাষ্ট্ৰ হিচাবে পৰিগণিত হৈছে।

এই সময়ছোৱাত অসমৰ ষ্টাৰ্টআপ ইক’চিষ্টেমৰো লক্ষ্যণীয়  বৃদ্ধি হৈছে। এইবোৰ  ষ্টাৰ্টআপ ইণ্ডিয়াৰ নীতি আৰু আঁচনিৰ দ্বাৰা সমৰ্থিত হৈ গঢ় লৈ উঠিছে। গুৱাহাটীস্থিত  আৰ চি হবিটেক ছলিউচনছ প্ৰাইভেট লিমিটেডে ড্ৰ’ন প্ৰযুক্তি খণ্ডত কাম কৰি পূব ভাৰতৰ উদীয়মান ড্ৰ’ন পৰিৱেশতন্ত্ৰৰ বিকাশত অৰিহণা যোগাইছে। ষ্টাৰ্টআপ ইণ্ডিয়াৰ অধীনত স্বীকৃতিপ্ৰাপ্ত কোম্পানীটোৱে ধাৰা ৮০-আইএচিৰ অধীনত   আয়কৰ ৰেহাইৰ দৰে সুবিধাও লাভ কৰিছে।  যিয়ে কোম্পানীটোৰ  প্ৰাৰম্ভিক পৰ্যায়ৰ বিত্তীয় চাপ হ্ৰাস কৰাত সহায় কৰিছে। কোম্পানীটোৰ মতে এই ৰেহাইৰ ফলত গৱেষণা তথা উন্নয়ন, উৎপাদনৰ সম্প্ৰসাৰণ, প্ৰতিভা বিকাশৰ ক্ষেত্ৰত পুনৰ বিনিয়োগ সম্ভৱ হৈ উঠিছিল।  ষ্টাৰ্টআপ ইণ্ডিয়াৰ ডিজিটেল স্বীকৃতিৰ কাঠামো আৰু নীতি সমৰ্থন বিশেষকৈ টায়াৰ-২ আৰু টায়াৰ-৩ চহৰত কাম কৰা ষ্টাৰ্টআপসমূহৰ বাবে প্ৰাসংগিক হৈ পৰিছে।

অসম ভিত্তিক আন এটা ষ্টাৰ্টআপ যোৰহাটৰ ডেছই নেচাৰেলছ এল এল পি (Dessoi Naturals LLP )য়ে প্ৰাকৃতিক আৰু বহনক্ষম উৎসৰ চাহৰ মিশ্ৰণৰ বিষয়ত  গুৰুত্ব আৰোপ কৰি প্ৰিমিয়াম চাহ তথা  সুস্থতা ব্ৰেণ্ড হিচাপে কাম কৰিছে। ষ্টাৰ্টআপটোৱে এছ’চিয়েশ্যন অৱ লেডী এণ্টাৰপ্ৰেনিউৰছ অৱ ইণ্ডিয়া ইনকিউবেচন চেণ্টাৰৰ জৰিয়তে ষ্টাৰ্টআপ ইণ্ডিয়া ছিড ফাণ্ড আঁচনিৰ অধীনত ঋণ লাভ কৰিছে। এই সমৰ্থনৰ পিছত ডেছই নেচাৰেলছে সমগ্ৰ ভাৰতৰ বজাৰত নিজৰ উপস্থিতিৰ সম্প্ৰসাৰণ ঘটাইছে আৰু অ’ডি, মাৰ্চিডিজ তথা পৰ্ছেকে ধৰি ব্ৰেণ্ডসমূহৰ সৈতে সহযোগিতা গঢ়ি তুলিছে। ডব্লিউ অ' ডব্লিউ  হায়দৰাবাদ আলোচনীতো এই কোম্পানীটোক ঘৰুৱাভাবে  উৎপাদিত ভাৰতীয় চাহ ব্ৰেণ্ডৰ ভিতৰত অন্যতম হিচাপে উল্লেখ কৰা হৈছে।

 

ষ্টাৰ্টআপ ইণ্ডিয়াৰ পদক্ষেপে দহ বছৰ সম্পূৰ্ণ কৰাৰ লগে লগে অসমৰ এই উদাহৰণসমূহে অঞ্চলসমূহৰ মাজত ষ্টাৰ্টআপৰ বৃদ্ধি সক্ষম কৰি তোলাৰ ক্ষেত্ৰত নীতিগত সমৰ্থন, পুঁজিৰ প্ৰৱেশ আৰু প্ৰতিষ্ঠানিক কাঠামোৰ ভূমিকাক প্ৰতিফলিত কৰিছে। এই পদক্ষেপে সমগ্ৰ দেশতে উদ্ভাৱন, নিয়োগৰ সৃষ্টি  আৰু অন্তৰ্ভুক্ত উদ্যোগীকৰণক লালন-পালন কৰাত গুৰুত্ব আৰোপ কৰি আছে।

PG/DM


(ৰিলিজ আই ডি : 2215368) অতিথি কক্ষ : 14
ত এই ৰিলিজটো পঢ়ক: English