গ্ৰামোন্নয়ণ মন্ত্ৰালয়
সচিব, গ্ৰাম্য উন্নয়নৰ অধ্যক্ষতাত ভি বি-জি ৰাম জি আইন, ২০২৫ৰ অধীনত একত্ৰীকৰণ পৰিকাঠামো সন্দৰ্ভত উচ্চ স্তৰীয় আন্তঃ-মন্ত্ৰী পৰ্যায়ৰ আলোচনা
১৮ টা মন্ত্ৰালয় আৰু বিভাগে ঐতিহাসিক চৰকাৰী বৈঠকত অংশগ্ৰহণ কৰে; ১ জুলাই ২০২৬ ৰ পৰা ভি বি জি ৰাম জি কাৰ্যকৰী হ'ব
प्रविष्टि तिथि:
24 JUN 2026 6:48PM by PIB Guwahati
বিকশিত ভাৰত-ৰোজগাৰ আৰু জীৱিকা মিছন (গ্রামীণ) ৰ বাবে গেৰাণ্টিঃ ভি বি-জি ৰাম জি (বিকশিত ভাৰত-জী ৰাম জী) আইন, ২০২৫ ৰ অধীনত খচৰা একত্ৰীকৰণ পৰিকাঠামোৰ ওপৰত আজি নতুন দিল্লীৰ কৰ্তব্য ভৱনত গ্ৰামোন্নয়ন বিভাগৰ সচিব শ্ৰী ৰোহিত কনচালৰ অধ্যক্ষতাত এখন উচ্চ-স্তৰীয় আন্তঃ-মন্ত্ৰী পৰ্য্যায়ৰ আলোচনা অনুষ্ঠিত হয়। ভাৰত চৰকাৰৰ ১৮ টা মন্ত্ৰালয় আৰু বিভাগৰ প্ৰতিনিধি আৰু নডেল বিষয়াসকলে এই আলোচনাত অংশগ্ৰহণ কৰে।

এই আলোচনা ১ জুলাই ২০২৬ ত ভি বি-জি ৰাম জি আইন আৰম্ভ হোৱাৰ পূৰ্বে গ্ৰহণ কৰা প্ৰস্তুতিমূলক কাৰ্যকলাপৰ অংশ। এই বৈঠকত বিকেন্দ্ৰীকৃত, পঞ্চায়তীৰাজ প্ৰতিষ্ঠানৰ নেতৃত্বত পৰিকল্পনা আৰু একত্ৰীকৰণৰ জৰিয়তে গ্ৰাম্য উন্নয়নৰ বাবে এক সম্পূৰ্ণ চৰকাৰী দৃষ্টিভংগীৰে আইনখনৰ দৃষ্টিভংগী কাৰ্যকৰী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।
বৈঠকত অধ্যক্ষতা কৰি শ্ৰী ৰোহিত কনছালে গুৰুত্ব আৰোপ কৰি কয় যে একত্ৰীকৰণ হৈছে ভি বি-জি ৰাম জি আইনৰ এক মূল স্তম্ভ আৰু পানী সুৰক্ষা, জীৱিকা, আন্তঃগাঁথনি, জলবায়ু স্থিতিস্থাপকতা তথা স্থানীয় অৰ্থনৈতিক উন্নয়নৰ দৰে আন্তঃসংযুক্ত গ্ৰাম্য উন্নয়নৰ অগ্ৰাধিকাৰসমূহক সম্বোধন কৰাৰ বাবে ই অত্যাৱশ্যকীয়। তেওঁ উল্লেখ কৰে যে এই আইনত এক ‘একক পৰিকল্পনা-বহু পুঁজি যোগান’ দৃষ্টিভংগীৰ পৰিকল্পনা কৰা হৈছে, যাৰ জৰিয়তে বিভিন্ন আঁচনি আৰু কাৰ্যসূচীক তেওঁলোকৰ নিজ নিজ আদেশ আৰু পুঁজিৰ গাঁথনি বজাই ৰাখি সাধাৰণ উন্নয়নৰ ফলাফলৰ দিশত কাম কৰিবলৈ সক্ষম কৰা হৈছে।
বিভাগে এই আইনৰ অধীনত বিকশিত কৰা একত্ৰীকৰণ পৰিকাঠামোৰ খচৰা উপস্থাপন কৰে। এই পৰিকাঠামোৰ কেন্দ্ৰবিন্দু হৈছে বিকশিত গ্ৰাম পঞ্চায়ত পৰিকল্পনা (ভি জি পি পি), যি গ্ৰাম পঞ্চায়ত পৰ্যায়ত গ্ৰাম্য উন্নয়নৰ বাবে প্ৰাথমিক পৰিকল্পনাৰ সঁজুলি হিচাপে কাম কৰে। সামূহিক অংশগ্ৰহণৰ জৰিয়তে প্ৰস্তুত কৰা আৰু গ্ৰাম সভাৰ দ্বাৰা অনুমোদিত, ভি জি পি পি-য়ে বিভিন্ন কেন্দ্ৰীয় আৰু ৰাজ্যিক আঁচনিৰ অধীনত উপলভ্য সম্পদ, দক্ষতা আৰু বিনিয়োগৰ সৈতে স্থানীয় প্ৰয়োজনীয়তাসমূহ একত্ৰিত কৰিবলৈ বিচাৰে।
এই পৰিকাঠামোৱে এক নিম্ন পৰ্যায়ৰ পৰিকল্পনাৰ গাঁথনিৰ পৰিকল্পনা কৰিছে য’ত গ্ৰাম সভাৰ দ্বাৰা চিনাক্ত কৰা উন্নয়নমূলক অগ্ৰাধিকাৰসমূহ পঞ্চায়তীৰাজ প্ৰতিষ্ঠানৰ জৰিয়তে একত্ৰিত কৰা হয় আৰু বিভিন্ন মন্ত্ৰালয় তথা বিভাগৰ খণ্ডভিত্তিক কাৰ্যসূচীৰ সৈতে সংলগ্ন কৰা হয়। এই পদ্ধতিৰ লক্ষ্য হৈছে ৰাজহুৱা বিনিয়োগ স্থানীয়ভাৱে চিনাক্ত কৰা অগ্ৰাধিকাৰৰ চাৰিওফালে একত্ৰিত হোৱাটো নিশ্চিত কৰা, যাৰ ফলত অধিক ফলপ্ৰসূ আৰু বহনক্ষম উন্নয়নৰ ফলাফল পোৱা যায়।
এই বৈঠকত আইনখনৰ অধীনত বিষয়গত অগ্ৰাধিকাৰ আৰু অনুমোদিত কামৰ পৰিকাঠামোৰো পৰ্যালোচনা কৰা হয়। এই আইনখনে চাৰিটা বিষয়গত কেন্দ্ৰীয় ক্ষেত্ৰৰ অধীনত গ্ৰাম্য উন্নয়নৰ হস্তক্ষেপৰ আয়োজন কৰেঃ জল সুৰক্ষা; মূল গ্ৰাম্য আন্তঃগাঁথনি; গ্ৰাম্য জীৱিকা আৰু অত্যাধিক প্ৰাকৃতিক দু্ৰ্য্যোগ প্ৰশমনৰ বাবে বিশেষ কাম। ১ জুলাই ২০২৬ ৰ পৰা কাৰ্য্যকৰীকৰণৰ সুবিধাৰ বাবে, বিভাগে প্ৰাকৃতিক সম্পদ ব্যৱস্থাপনা, জলসিঞ্চন, গ্ৰাম্য সংযোগ, সামূহিক আন্তঃগাঁথনি, জীৱিকা-সমৰ্থনকাৰী সম্পদ, জলবায়ু স্থিতিস্থাপকতা আৰু দুৰ্যোগ প্ৰস্তুতি সামৰি লোৱা ৩১৮ টা অনুমোদিত কামৰ এক অন্তৱৰ্তীকালীন তালিকা প্ৰকাশ কৰিছে। অংশগ্ৰহণকাৰীসকলে উল্লেখ কৰে যে অনুমোদিত কামৰ বিস্তৃত পৰিসৰ খণ্ড আৰু আঁচনিসমূহৰ মাজত একত্ৰীকৰণৰ বাবে যথেষ্ট সুযোগ প্ৰদান কৰে।
কাৰিকৰী আৰু বিত্তীয় একত্ৰীকৰণ শক্তিশালী কৰা, একত্ৰীকৰণৰ বাবে উপযুক্ত আঁচনিসমূহ চিনাক্ত কৰা, ডিজিটেল আন্তঃব্যৱহাৰযোগ্যতা বৃদ্ধি কৰা আৰু সমন্বিত ৰূপায়ণ তথা নিৰীক্ষণৰ বাবে প্ৰতিষ্ঠানিক ব্যৱস্থা স্থাপনৰ ওপৰত বিশদ আলোচনা অনুষ্ঠিত হয়। অংশগ্ৰহণকাৰী মন্ত্ৰালয় আৰু বিভাগসমূহে খচৰা পৰিকাঠামোৰ ওপৰত তেওঁলোকৰ পৰ্যৱেক্ষণ আৰু পৰামৰ্শসমূহ শ্বেয়াৰ কৰে।
বৈঠকত অন্যান্যসকলৰ ভিতৰত যুটীয়া সচিব (গ্ৰাম্য নিযুক্তি) শ্ৰীমতী ৰোহিনী ভাজিভাকাৰে, উপ-সচিব (গ্ৰাম্য নিযুক্তি) শ্ৰী আশীষ গুপ্তা আৰু গ্ৰাম্য উন্নয়ন বিভাগৰ অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত আছিল।
ভি বি-জি ৰাম জি আইন আৰম্ভ হোৱাৰ লগে লগে একত্ৰীকৰণ পৰিকাঠামো ১ জুলাই ২০২৬ৰ পৰা কাৰ্য্যকৰী কৰাৰ প্ৰস্তাৱ দিয়া হৈছে আৰু এক সমন্বিত সম্পূৰ্ণ চৰকাৰী দৃষ্টিভংগীৰ জৰিয়তে বিকেন্দ্ৰীকৃত পৰিকল্পনা শক্তিশালী কৰাৰ লগতে ৰাজহুৱা বিনিয়োগ অনুকূল কৰি সংহত গ্ৰাম্য উন্নয়ন ত্বৰান্বিত কৰিব বুলি আশা কৰা হৈছে।
***
RC/PU/MK
(रिलीज़ आईडी: 2279244)
आगंतुक पटल : 6