যোগাযোগ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়
ধাৰাসাৰ বৰষুণ, ডাৱৰ বিস্ফোৰণ আৰু ভূমিস্খলনৰ মাজতে দূৰসংযোগ বিভাগৰ অৰুণাচল প্ৰদেশৰ চাৰিখন জিলাত ইন্টাৰ চাৰ্ক’ল ৰোমিং সক্ৰিয়
কেই পেনিঅ'ৰ, নামনি সোৱণশিৰি, উজনি সোৱণশিৰি আৰু পশ্চিম ছিয়াং জিলাত ২৮ জুন ২০২৬ লৈকে আইচিআৰ সক্ৰিয় হৈ আছে
দুৰ্যোগৰ সময়ত নিৰবিচ্ছিন্ন টেলিকম সংযোগ নিশ্চিত কৰাৰ লক্ষ্যৰে লোৱা পদক্ষেপ
प्रविष्टि तिथि:
25 JUN 2026 7:54PM by PIB Guwahati
ৰাজ্যখনৰ কিছু অংশত ধাৰাসাৰ বৰষুণ, ডাৱৰ বিস্ফোৰণ আৰু ভূমিস্খলনৰ ফলত হোৱা যোগাযোগ নেটৱৰ্কৰ গুৰুতৰ ব্যাঘাতৰ পাছত অৰুণাচল প্ৰদেশত টেলিকম সেৱাৰ ধাৰাবাহিকতা নিশ্চিত কৰিবলৈ দূৰসংযোগ বিভাগে (ডিঅ’টি) দ্ৰুত ব্যৱস্থা গ্ৰহণ কৰিছে।
দুৰ্যোগৰ সময়ত দূৰসংযোগৰ গুৰুত্বপূৰ্ণ ভূমিকাক স্বীকাৰ কৰি, ডি অ’ টি-য়ে তাৎক্ষণিকভাৱে ইয়াৰ জৰুৰীকালীন সঁহাৰি প্ৰণালী সক্ৰিয় কৰে আৰু অৰুণাচল প্ৰদেশৰ ৪খন জিলা-কেই পেনিঅ’ৰ, নামনি সোৱণশিৰি, উজনি সোৱণশিৰি আৰু পশ্চিম ছিয়াঙত প্ৰাৰম্ভিক তিনি দিনৰ বাবে ইন্টাৰ চাৰ্ক’ল ৰোমিং(আই চি আৰ) সক্ষম কৰাৰ বাবে সকলো দূৰসংযোগ সেৱা প্ৰদানকাৰীক নিৰ্দেশনা জাৰি কৰে।
ধাৰাসাৰ বৰষুণ আৰু ডাৱৰ বিস্ফোৰণৰ ঘটনাৰ পাছত ক্ষতিগ্ৰস্ত অঞ্চলবোৰত টেলিকম আন্তঃগাঁথনিৰ ব্যাপক ক্ষতি হয়। প্ৰতিবেদন অনুসৰি, আকস্মিক বানে ইয়াজালীৰ পোচাত থকা নিপকো এক্সচেঞ্জত প্ৰৱেশ কৰে, যাৰ ফলত এক্সচেঞ্জটো অ-কাৰ্য্যকৰী হৈ পৰে। পোটিন আৰু ইয়াজালীৰ মাজত একাধিক ভূমিস্খলনৰ ফলত প্ৰায় ১২ কিলোমিটাৰ অপ্টিকেল ফাইবাৰ কেবল (অ’এফ চি) ক্ষতিগ্ৰস্ত হয়, যাৰ ফলত অঞ্চলটোত যোগাযোগ সেৱাত বিৰূপ প্ৰভাৱ পৰে। অবিৰত বৰষুণ, ভূমিস্খলন আৰু বাণিজ্যিক বিদ্যুৎ যোগান ব্যাহত হোৱাৰ ফলত পুনৰুদ্ধাৰৰ প্ৰচেষ্টাত অধিক ব্যাঘাত ঘটে।
হজত অ’এফচি আন্তঃগাঁথনিৰ ক্ষতিয়ে চাগালী, লেম্মি, কাম্পু আৰু চেপ্পা অঞ্চলৰ সংযোগত প্ৰভাৱ পেলায়। পুনৰুদ্ধাৰ দলবোৰ মোতায়েন কৰা হৈছে আৰু ছোপো-হজ মান পথৰ জৰিয়তে সংযোগ পুনৰুদ্ধাৰৰ বাবে কাম কৰি থকা হৈছে।
আইচিআৰ সক্ৰিয় কৰাৰ ফলত যিকোনো অংশগ্ৰহণকাৰী টেলিকম সেৱা প্ৰদানকাৰীৰ মোবাইল গ্ৰাহকসকলে তেওঁলোকৰ ঘৰুৱা নেটৱৰ্ক অস্থায়ীভাৱে উপলভ্য নোহোৱা স্থানত আন এটা উপলভ্য নেটৱৰ্কত স্বয়ংক্ৰিয়ভাৱে প্ৰৱেশ কৰিব পাৰিব। দেশৰ আন প্ৰান্তৰ পৰা এই জিলাসমূহ ভ্ৰমণ কৰা গ্ৰাহকসকলৰ বাবেও এই সুবিধা উপলভ্য হ’ব। এই ব্যৱস্থাই ক্ষতিগ্ৰস্ত বাসিন্দাসকল, দুৰ্যোগ সঁহাৰি দল, স্বাস্থ্যসেৱা কৰ্মী আৰু সাহায্য তথা উদ্ধাৰ অভিযানত নিয়োজিত চৰকাৰী সংস্থাসমূহৰ বাবে যোগাযোগৰ উপলভ্যতা যথেষ্ট বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে।
দূৰসংযোগ বিভাগে ইয়াৰ ফিল্ড ইউনিটসমূহৰ জৰিয়তে পৰিস্থিতিটো গুৰুত্বসহকাৰে নিৰীক্ষণ কৰি আছে আৰু প্ৰভাৱিত অঞ্চলসমূহত দূৰসংযোগ সেৱাৰ দ্ৰুত পুনৰুদ্ধাৰৰ বাবে দূৰসংযোগ সেৱা প্ৰদানকাৰীসকলৰ সৈতে সমন্বয় কৰি আছে।
আইচিআৰ কি আৰু ইয়াক কেনেকৈ ব্যৱহাৰ কৰিবঃ
ইণ্টাৰ চাৰ্ক’ল ৰোমিং (আইচিআৰ) হৈছে এটা টেলিকম ব্যৱস্থা য’ত এজন মোবাইল গ্ৰাহকে একেটা টেলিকম চক্ৰৰ (অঞ্চল) ভিতৰত আন এজন অপাৰেটৰৰ নেটৱৰ্কৰ সৈতে সংযোগ কৰে। ই ব্যৱহাৰকাৰীসকলক মোবাইল সেৱাসমূহত প্ৰৱেশ কৰাৰ অনুমতি দিয়ে যদিও তেওঁলোকৰ নিজৰ অপাৰেটৰৰ সেই নিৰ্দিষ্ট অঞ্চলত কোনো কভাৰেজ নাই। মোবাইল আন্তঃগাঁথনি ক্ষতিগ্ৰস্ত হোৱাৰ সময়ত প্ৰাকৃতিক দুৰ্যোগৰ সময়ত ই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
দুৰ্যোগৰ সময়ত, যদি কোনো অঞ্চলত মোবাইল আন্তঃগাঁথনি ক্ষতিগ্ৰস্ত হয়, ডিঅ’টিয়ে টেলিকম সেৱা অপাৰেটৰসকলক আইচিআৰ কাৰ্যকৰী কৰিবলৈ নিৰ্দেশনা জাৰি কৰে।
আইচিআৰৰ কাম-কাজ নিশ্চিত কৰিবলৈঃ
- আপোনাৰ ফোনৰ ছেটিংছত ‘স্বয়ংক্ৰিয় নেটৱৰ্ক নিৰ্বাচন’ সক্ৰিয় কৰি ৰাখক।
- যদি স্বয়ংক্ৰিয় সংযোগ ব্যৰ্থ হয়;
- ছেটিংছ> মোবাইল নেটৱৰ্ক> নেটৱৰ্ক অপাৰেটৰলৈ যাওক
- মেনুৱেলী আন এটা উপলভ্য নেটৱৰ্ক নিৰ্বাচন কৰক
****
NJ/TB/MK
(रिलीज़ आईडी: 2279245)
आगंतुक पटल : 8