গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়
azadi ka amrit mahotsav

অসমত গুণগত ব্যৱস্থা আৰু হলমাৰ্কিং সম্পৰ্কীয় তৃতীয় ৰাজ্যিক পৰ্যায়ৰ সমিতিৰ বৈঠক অনুষ্ঠিত

অসম চৰকাৰ আৰু বিআইএছে ৰাজ্যত গুণগত পৰিৱেশতন্ত্ৰ তথা হলমাৰ্কিঙৰ কাম-কাজ শক্তিশালী কৰাৰ ব্যৱস্থাসমূহৰ বিষয়ে আলোচনা কৰে

পোষ্ট কৰা হৈছে: 01 SEP 2026 6:16PM by PIB Guwahati

অসম চৰকাৰৰ মুখ্য সচিব ড০ ৰবি কোটা,  আই এ এছৰ অধ্যক্ষতাত ২০২৬ চনৰ ২৯ আগষ্টত অসমৰ বাবে গুণগত ব্যৱস্থা আৰু হলমাৰ্কিং কাৰ্যকলাপৰ ৰাজ্যিক পৰ্যায়ৰ সমিতিৰ তৃতীয়খন বৈঠক অনুষ্ঠিত হয়।

অসম চৰকাৰৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু উপভোক্তা পৰিক্ৰমা বিভাগে আহ্বান কৰা বৈঠকত চৰকাৰী বিভাগসমূহে ভাৰতীয় মানক ব্যাপকভাৱে গ্ৰহণ কৰা, গুণগত আন্তঃগাঁথনি শক্তিশালী কৰা, হলমাৰ্কিং, গ্ৰাহক সজাগতা আৰু গুণগত নিয়ন্ত্ৰণ আদেশ (QCO)ৰ ফলপ্ৰসূ ৰূপায়ণকে ধৰি ৰাজ্যৰ গুণগত পৰিৱেশতন্ত্ৰ শক্তিশালী কৰাৰ ব্যৱস্থাসমূহৰ বিষয়ে আলোচনা কৰে।

বৈঠকত গুৱাহাটীত বিআইএছ পৰীক্ষাগাৰৰ সুবিধা বৃদ্ধি আৰু সোণ তথা ৰূপৰ গহনা আৰু শিল্পকৰ্মৰ বাবে ৰেফাৰেল এছে লেবৰেটৰী (Referral Assay Laboratory) স্থাপনকে ধৰি উত্তৰ-পূব অঞ্চলৰ গুণগত আন্তঃগাঁথনি শক্তিশালী কৰাৰ  বিষয়ত আলোকপাত কৰা হয়। বৈঠকত তৃণমূল পৰ্যায়ৰ পদক্ষেপ যেনে গুণগত তথা সুৰক্ষাৰ বিষয়ত  ছাত্ৰ ক্লাব আৰু ছাইন (SHINE) পদক্ষেপ – ষ্টেণ্ডাৰ্ডছ হেল্প ইনফৰ্ম এণ্ড নেচাৰ এম্পাৱাৰড ৱমেনৰ দৰে পদক্ষেপসমূহৰ  বিষয়ত আলোকপাত কৰা হয়, যাৰ লক্ষ্য হৈছে সমগ্ৰ ৰাজ্যৰ ছাত্ৰ-ছাত্ৰী, মহিলা আৰু সম্প্ৰদায়সমূহৰ মাজত গুণগত মান তথা  মানৰ বিষয়ে সজাগতা বৃদ্ধি কৰা। বৈঠকত ব্যুৰো অৱ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডছ (বি আই এছ)ক প্ৰতিনিধিত্ব কৰি ড° মীনাক্ষী গণেশন, বিজ্ঞানী-জি এণ্ড ডি ডি জি আৰু বি আই এছ গুৱাহাটী শাখা কাৰ্যালয় তথা গুৱাহাটী শাখা পৰীক্ষাগাৰৰ জ্যেষ্ঠ বিষয়াসকলে  অংশগ্ৰহণ কৰে। খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ জ্যেষ্ঠ বিষয়া; আইনী পৰিমাপ বিভাগ; উদ্যোগ আৰু বাণিজ্য বিভাগ; জনস্বাস্থ্য অভিযান্ত্ৰিক বিভাগ; অসম চৰকাৰৰ গড়কাপ্টানি বিভাগৰ লগতে অন্যান্য অংশীদাৰ সংগঠনসমূহেও এই বৈঠকত অংশগ্ৰহণ কৰে।

 

………………………………

PG/ SM/DM


(ৰিলিজ আই ডি : 2305685) অতিথি কক্ষ : 31
ত এই ৰিলিজটো পঢ়ক: English