প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

বিশ্ব পৰ্যটনস্থলী হিচাপে ভাৰতৰ উত্তৰণৰ বিষয়ত লিখা এটা প্ৰবন্ধ শ্বেয়াৰ কৰিলে প্ৰধানমন্ত্ৰীয়ে

পোষ্ট কৰা হৈছে: 01 OCT 2026 4:20PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী গজেন্দ্ৰ সিং শ্বেখাৱটে লিখা এটা প্ৰবন্ধ শ্বেয়াৰ কৰিছে। প্ৰবন্ধটোত উন্নত যোগাযোগ ব্যৱস্থা, পৰ্যটকৰ বাবে উন্নত সুবিধা তথা  সহজলভ্য ডিজিটেল সেৱাৰ সহায়ত বিশ্ব পৰ্যটনৰ মানচিত্ৰত ভাৰতৰ ক্ৰমবৰ্ধমান উত্থানৰ বিষয়ে আলোকপাত কৰা হৈছে।এই বিকাশে স্থানীয় ব্যৱসায়ী, পথপ্ৰদৰ্শক, শিল্পী আৰু বিভিন্ন সম্প্ৰদায়ৰ বাবে নতুন সুযোগৰ দুৱাৰ  মুকলি কৰিছে বুলি প্ৰবন্ধটোত উল্লেখ কৰা হৈছে। প্ৰবন্ধটোত লগতে পৰ্যটনৰ পৰৱৰ্তী পৰ্যায়ত বহনক্ষমতাক এক গুৰুত্বপূৰ্ণ লক্ষ্য হিচাপে উল্লেখ কৰা হৈছে। ভাৰতৰ সমৃদ্ধ ঐতিহ্যক অৰ্থনৈতিক সুযোগৰ সৈতে সম্পৃক্ত কৰাৰ লগতে পৰ্যটকসকলৰ বাবে অধিক উন্নত অভিজ্ঞতা সৃষ্টি কৰাৰ বিষয়তো গুৰুত্ব আৰোপ কৰা হৈছে।

 

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্সত দিয়া এক বাৰ্তাত কয়—

“কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী গজেন্দ্ৰ সিং শ্বেখাৱটে লিখিছে যে উন্নত যোগাযোগ ব্যৱস্থা, উন্নত পৰ্যটন সুবিধা আৰু সহজলভ্য ডিজিটেল সেৱাৰ ফলত বিশ্ব পৰ্যটনৰ মানচিত্ৰত ভাৰতৰ উত্থান প্ৰতিফলিত হৈছে। এই বিকাশে স্থানীয় ব্যৱসায়ী, পথপ্ৰদৰ্শক,শিল্পী আৰু বিভিন্ন সম্প্ৰদায়ৰ বাবে নতুন সুযোগ মুকলি কৰিছে।পৰ্যটনৰ পৰৱৰ্তী পৰ্যায়ৰ কেন্দ্ৰবিন্দুত বহনক্ষমতাক স্থান দি ভাৰতে নিজৰ সমৃদ্ধ ঐতিহ্যক অৰ্থনৈতিক সুযোগৰ সৈতে সম্পৃক্ত  কৰাৰ লগতে পৰ্যটকসকলক অধিক উন্নত অভিজ্ঞতা প্ৰদান  কৰিছে।”

 

****

MJPS/SS/ST/DM


(ৰিলিজ আই ডি : 2318056) অতিথি কক্ষ : 10