প্ৰতিৰক্ষা মন্ত্ৰালয়
azadi ka amrit mahotsav

সদিচ্ছামূলক ভ্ৰমণৰ বাবে ভাৰতীয় নৌসেনাৰ জাহাজ তাৰ্কশ কেনিয়াৰ মোম্বাছাত উপস্থিত

পোষ্ট কৰা হৈছে: 01 OCT 2026 4:28PM by PIB Guwahati

ভাৰতীয় নৌসেনাৰ অগ্ৰণী ষ্টেলথ্ ফ্ৰিগেট জাহাজ তাৰ্কশৰ নিয়োগৰ অংশ হিচাপে এক সদিচ্ছামূলক ভ্ৰমণৰ বাবে ২৯ ছেপ্টেম্বৰ, ২০২৬ তাৰিখে কেনিয়াৰ মোম্বাছাত উপস্থিত হয়। এই ভ্ৰমণে ঐতিহাসিক, সাংস্কৃতিক আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্কৰে সংলগ্ন দুই উপকূলীয় ৰাষ্ট্ৰ ভাৰত আৰু কেনিয়াৰ মাজৰ দীৰ্ঘদিনীয়া তথা বহুমুখী সম্পৰ্কক পুনৰ প্ৰতিফলিত কৰে।

ভাৰত আৰু কেনিয়াৰ মাজত ভাৰত মহাসাগৰক কেন্দ্ৰ কৰি সামুদ্ৰিক সম্পৰ্কৰ এক সুদীৰ্ঘ ইতিহাস আছে। প্ৰধান সামুদ্ৰিক ৰাষ্ট্ৰ হিচাপে দুয়োখন দেশেই নিজৰ নৌসেনাৰ মাজত সামুদ্ৰিক সম্পৰ্ক সুদৃঢ় কৰা তথা বিশ্বাস, পাৰস্পৰিক বুজাপৰা আৰু সহযোগিতা বৃদ্ধিৰ বাবে দায়বদ্ধ হৈ আহিছে।

বন্দৰত অৱস্থান কৰাৰ সময়ছোৱাত ভাৰত আৰু কেনিয়াৰ নৌসেনাৰ জোৱানসকলে পাৰস্পৰিক ভাব বিনিময়, আন্তঃশিক্ষণ আৰু সাংস্কৃতিক আদান-প্ৰদানকে ধৰি বিভিন্ন পেছাদাৰী তথা সামাজিক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। এই কাৰ্যসূচীসমূহে অভিজ্ঞতা ভাগ-বতৰা কৰাৰ লগতে যৌথ কাৰ্যক্ষমতা বৃদ্ধিত সহায় কৰিব।

দুয়োখন দেশৰ নৌসেনাৰ জোৱানসকলক পেছাদাৰী ক্ষেত্ৰৰ বাহিৰতো সম্পৰ্ক গঢ়ি তোলাৰ সুযোগ দিয়াৰ বাবে সামাজিক সংযোগ কাৰ্যসূচীৰো ব্যৱস্থা কৰা হ’ব৷ খেল-ধেমালি আৰু সমাজসেৱা কাৰ্যসূচীয়ে ভাতৃত্ববোধ আৰু সাংস্কৃতিক বুজাপৰা অধিক সুদৃঢ় কৰিব।

এই বন্দৰ ভ্ৰমণে ভাৰত মহাসাগৰীয় অঞ্চলৰ মিত্ৰ ৰাষ্ট্ৰসমূহৰ সৈতে সামুদ্ৰিক অংশীদাৰিত্বৰ প্ৰতি ভাৰতৰ প্ৰতিশ্ৰুতি আৰু ‘মহাসাগৰ’ (মিউচুৱেল এণ্ড হলিষ্টিক এডভান্সমেণ্ট ফৰ ছিকিউৰিটি এণ্ড গ্ৰউথ এক্ৰছ ৰিজিঅ’নছ্) পদক্ষেপৰ মনোভাৱ প্ৰতিফলিত কৰে। ইয়াৰ দ্বাৰা ভাৰত আৰু কেনিয়াৰ মাজত চিৰস্থায়ী সামুদ্ৰিক অংশীদাৰিত্ব অধিক সুদৃঢ় হ’ব বুলি আশা কৰা হৈছে।

***

VM/AS/MM


(ৰিলিজ আই ডি : 2318063) অতিথি কক্ষ : 10
ত এই ৰিলিজটো পঢ়ক: Bengali , English , Urdu , हिन्दी