প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
এছিয়ান গেমছত মহিলাৰ ৬৫ কিলোগ্ৰাম বক্সিঙত স্বৰ্ণ জয় কৰাৰ বাবে পাৰৱীনক প্ৰধানমন্ত্ৰীৰ অভিনন্দন
পোষ্ট কৰা হৈছে:
02 OCT 2026 6:11PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এছিয়ান গেমছত মহিলাৰ ৬৫ কিলোগ্ৰাম বক্সিং শিতানত এক কঠিন যুঁজৰ ফাইনেলৰ পাছত স্বৰ্ণ পদক জয় কৰাৰ বাবে পাৰৱীনক অভিনন্দন জনায়।
প্ৰধানমন্ত্ৰীয়ে কয় যে পাৰৱীনৰ কৃতিত্বই ভাৰতীয় মুষ্টিযুদ্ধত আন এক গৌৰৱোজ্জ্বল অধ্যায়ৰ সংযোজন কৰিছে। তেওঁ কয় যে তেওঁৰ সফলতা গভীৰভাৱে অনুপ্ৰেৰণাদায়ক আৰু ক্ৰীড়াৰ উৎকৃষ্টতাৰ প্ৰতি তেওঁৰ সমৰ্পণৰ ওপৰত আলোকপাত কৰে।
শ্ৰী মোদীয়ে পাৰৱীনক তেওঁৰ ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্স-ত পোষ্ট কৰিছে;
‘এক অতি সুন্দৰ স্বৰ্ণ!
এক কঠিন যুঁজৰ ফাইনেলৰ পাছত এছিয়ান গেমছত মহিলাৰ বক্সিঙত ৬৫ কিলোগ্ৰাম শাখাত স্বৰ্ণ জয় কৰাৰ বাবে পাৰৱীনক অভিনন্দন জনাইছো। তেওঁৰ কৃতিত্বই ভাৰতীয় মুষ্টিযুদ্ধত আন এক গৌৰৱোজ্জ্বল অধ্যায়ৰ সূচনা কৰিছে। তেওঁৰ সফলতা গভীৰভাৱে অনুপ্ৰেৰণাদায়ক আৰু ক্ৰীড়া উৎকৃষ্টতাৰ প্ৰতি তেওঁৰ সমৰ্পণ বিষয়ত আলোকপাত কৰে। তেওঁৰ ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে মোৰ শুভেচ্ছাঃ প্ৰধানমন্ত্ৰী৷’
MJPS/SS/ST/MK
(ৰিলিজ আই ডি : 2318525)
অতিথি কক্ষ : 12
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam