ব্যক্তি, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়
সামৰ্থ্য বিকাশ আয়োগৰ উদ্যোগত গুৱাহাটীত ৯ অক্টোবৰত 'প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ ৰূপান্তৰ' বিষয়ক দ্বিতীয়খন আঞ্চলিক কৰ্মশালাৰ আয়োজন
আঠখন ৰাজ্যক একেখন মঞ্চত উপৱিষ্ট কৰিবলগীয়া এই কৰ্মশালা শুভ উদ্বোধন কৰিব অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মাই
পোষ্ট কৰা হৈছে:
03 OCT 2026 3:48PM by PIB Guwahati
ৰাষ্ট্ৰীয় অগ্ৰগতিৰ বাবে অভিযোজনক্ষম উন্নয়ন আৰু মানৱীয় দক্ষতা শক্তিশালী কৰাৰ লক্ষ্যৰে সামৰ্থ্য বিকাশ আয়োগে আয়োজন কৰা চাৰিখন আঞ্চলিক কৰ্মশালাৰ অন্তৰ্গত এক ৰাষ্ট্ৰীয় ধাৰাবাহিক কাৰ্যসূচী হৈছে ‘সাধনা শৃংখলা ২০২৬’। সামৰ্থ্য বিকাশৰ ৰাষ্ট্ৰীয় আঁচনিৰ অধীনত অসামৰিক সেৱাৰ প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহক সামৰ্থ্য বিকাশ প্ৰতিষ্ঠান হিচাপে ৰূপান্তৰ কৰাৰ প্ৰক্ৰিয়াক আগুৱাই নিয়াই এই কৰ্মশালাসমূহৰ মূল লক্ষ্য। ২৯-৩০ ছেপ্টেম্বৰ ২০২৬ত অন্ধ্ৰ প্ৰদেশৰ বিজয়ৱাড়াত অনুষ্ঠিত উদ্বোধনী কৰ্মশালাৰ পিছত এইলানি কৰ্মশালাৰ দ্বিতীয়খন কৰ্মশালা অহা ৯ অক্টোবৰ ২০২৬ত গুৱাহাটীত অনুষ্ঠিত হ’ব। এই কৰ্মশালাত আঠখন ৰাজ্যৰ অংশীদাৰসকল একত্ৰিত হ’ব।
ৰাষ্ট্ৰীয় পৰামৰ্শৰ পৰা আঞ্চলিক কাৰ্যব্যৱস্থালৈ প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহ হৈছে ভৱিষ্যতৰ বাবে সাজু, দায়িত্বশীল আৰু নাগৰিক কেন্দ্ৰিক অসামৰিক সেৱাৰ মূল ভেটি। বিকশিত ভাৰত ২০৪৭ ৰ লক্ষ্য বাস্তৱায়িত কৰাৰ ক্ষেত্ৰতো এই প্ৰতিষ্ঠানসমূহৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। যোৱা এবছৰত আয়োগে বিস্তৃত পৰামৰ্শমূলক প্ৰক্ৰিয়া সম্পন্ন কৰিছে। ইয়াৰ ভিতৰত আঞ্চলিক টাস্ক ফ’ৰ্চৰ বৈঠক, ২ৰ পৰা ৮ এপ্ৰিল ২০২৬লৈ অনুষ্ঠিত সাধনা সপ্তাহ আৰু মে’ ২০২৬ত অনুষ্ঠিত প্ৰতিষ্ঠানিক সামৰ্থ্য বিকাশৰ ৰাষ্ট্ৰীয় বিভাগীয় শীৰ্ষ সন্মিলন উল্লেখযোগ্য।
এই পৰামৰ্শসমূহত প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহক কেৱল স্বতন্ত্ৰ প্ৰশিক্ষণ প্ৰদানকাৰী প্ৰতিষ্ঠান হিচাপে সীমাবদ্ধ নাৰাখি কৌশলগত, দক্ষতাভিত্তিক সক্ষমতা নিৰ্মাণৰ প্ৰতিষ্ঠানলৈ ৰূপান্তৰিত কৰাৰ বাবে ঐক্যবদ্ধ কাঠামোৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। এই প্ৰক্ৰিয়াক আগুৱাই লৈ যোৱা সাধনা শৃংখলাই প্ৰতিষ্ঠানগত সংস্কাৰৰ সন্দৰ্ভত চলি থকা ৰাষ্ট্ৰীয় আলোচনাক আঞ্চলিক পৰ্যায়লৈ লৈ যাব আৰু ৰাজ্যসমূহ তথা প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহক প্ৰস্তাৱিত সংস্কাৰসমূহ নিজ নিজ পৰিস্থিতিৰ সৈতে খাপ খুৱাই ল’বলৈ আৰু সেইবোৰক কাৰ্যকৰী অগ্ৰাধিকাৰত ৰূপান্তৰ কৰিবলৈ জড়িত কৰিব।
প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ ৰূপান্তৰৰ হকে উপযুক্ত গাঁথনিৰ দিশে
আঞ্চলিক কৰ্মশালাসমূহৰ জৰিয়তে আয়োগে ৰাজ্য চৰকাৰ, প্ৰশিক্ষণ প্ৰতিষ্ঠান আৰু অন্যান্য অংশীদাৰসকলৰ সৈতে মত-বিনিময় কৰি দেশৰ বিভিন্ন অঞ্চলৰ ভিন্ন প্ৰয়োজনীয়তা আৰু প্ৰতিষ্ঠানগত বাস্তৱতাৰ প্ৰতি সঁহাৰি জনাব পৰা বিস্তৃত প্ৰশিক্ষণ প্ৰতিষ্ঠান ৰূপান্তৰ পৰিকাঠামো প্ৰস্তুত কৰাৰ বাবে কাম কৰি আছে।
এই পৰামৰ্শমূলক আলোচনাসমূহত প্ৰতিষ্ঠানগত শাসনব্যৱস্থা আৰু নেতৃত্ব শক্তিশালী কৰা, কাৰ্যকৰী দক্ষতা আৰু আন্তঃপ্ৰতিষ্ঠানিক সহযোগিতা বৃদ্ধি কৰা, প্ৰশিক্ষক তথা প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহৰ সক্ষমতা উন্নীত কৰা আৰু কৃত্ৰিম বুদ্ধিমত্তাকে ধৰি ডিজিটেল ৰূপান্তৰ তথা উদীয়মান প্ৰযুক্তিৰ ব্যৱহাৰ অধিক সুচল কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। ইয়াৰ মূল উদ্দেশ্য হৈছে প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহক পৰম্পৰাগত যোগান-নিৰ্ভৰ প্ৰশিক্ষণ ব্যৱস্থাৰ পৰা অধিক চাহিদা-সঁহাৰিদায়ক আৰু দক্ষতাভিত্তিক সক্ষমতা নিৰ্মাণৰ এক গতিশীল ব্যৱস্থালৈ ৰূপান্তৰ কৰা।
এই কাঠামোৱে প্ৰতিষ্ঠানগত ৰূপান্তৰৰ বাবে উমৈহতীয়া দিশ নিৰ্ধাৰণ কৰিব আৰু একে সময়তে বিভিন্ন ৰাজ্য আৰু প্ৰতিষ্ঠানৰ অভিজ্ঞতা, অগ্ৰাধিকাৰ আৰু পৰিস্থিতিকো বিবেচনালৈ আনিব। কৰ্মশালাসমূহে অংশগ্ৰহণকাৰী ৰাজ্যসমূহক নিজ নিজ অগ্ৰাধিকাৰৰ ক্ষেত্ৰ চিনাক্ত কৰি এই সংস্কাৰসমূহক আগুৱাই নিয়াৰ বাবে কাৰ্যকৰী পৰিকল্পনা প্ৰস্তুত কৰাৰো সুযোগ প্ৰদান কৰিব।
এই ৰূপান্তৰৰ ৰূপায়ণ Unified New-Age National Training Initiative (UNNATI) প’ৰ্টেলৰ জৰিয়তে কৰা হ’ব। ২০২৬ৰ সাধনা সপ্তাহৰ সময়ত মুকলি কৰা এই প’ৰ্টেলে ৭০০ৰো অধিক প্ৰশিক্ষণ প্ৰতিষ্ঠানক এখন উমৈহতীয়া ডিজিটেল মঞ্চৰ সৈতে সংযুক্ত কৰিছে। UNNATI-ৰ লক্ষ্য হৈছে সামৰ্থ্য বিকাশৰ চাহিদা আৰু প্ৰতিষ্ঠানসমূহৰ প্ৰশিক্ষণ যোগানৰ মাজৰ ব্যৱধান নাইকিয়া কৰা। সামৰ্থ্য বিকাশৰ পৰিকল্পনা (CBPs)ৰ পৰা উদ্ভৱ হোৱা দক্ষতাৰ প্ৰয়োজনীয়তাৰ প্ৰতি সঁহাৰি জনাবলৈ প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহক সক্ষম কৰি তোলাৰ জৰিয়তে এই প্লেটফৰ্মে প্ৰতিষ্ঠানসমূহৰ অধিক দৃশ্যমানতা, সহযোগিতা, সম্পদৰ আদান-প্ৰদান আৰু তথ্যভিত্তিক নিৰন্তৰ উন্নয়নত সহায় কৰিব।
গুৱাহাটীত দ্বিতীয়খন আঞ্চলিক কৰ্মশালা
সাধনা শৃংখলা ২০২৬ৰ দ্বিতীয়খন আঞ্চলিক কৰ্মশালা অহা ৯ অক্টোবৰত গুৱাহাটীত মাননীয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰিব। এই কৰ্মশালাত উত্তৰ-পূৰ্বাঞ্চলৰ আঠখন ৰাজ্য— অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ছিকিম আৰু ত্ৰিপুৰাৰ জ্যেষ্ঠ বিষয়াসকলে অংশগ্ৰহণ কৰিব। চৰকাৰী প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহৰ মুৰব্বী আৰু প্ৰশিক্ষক, বিষয়-বিশেষজ্ঞ, ঔদ্যোগিক অংশীদাৰ আৰু অন্যান্য অংশীদাৰসকলেও আলোচনাত অংশগ্ৰহণ কৰিব।
কৰ্মশালাখনে অংশগ্ৰহণকাৰী ৰাজ্য আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহক তেওঁলোকৰ অভিজ্ঞতা বিনিময়, প্ৰতিষ্ঠানগত ৰূপান্তৰৰ সম্ভাৱনা আৰু প্ৰত্যাহ্বানসমূহৰ বিষয়ে আলোচনা, তথা তেওঁলোকৰ সক্ষমতা-নিৰ্মাণ ব্যৱস্থাক অধিক শক্তিশালী কৰাৰ বাবে ব্যৱহাৰিক পদক্ষেপ চিনাক্ত কৰাৰ এখন মঞ্চ প্ৰদান কৰিব। এই কৰ্মশালাত প্ৰস্তাৱিত সংস্কাৰসমূহক ৰাজ্যভিত্তিক কাৰ্যপৰিকল্পনালৈ ৰূপান্তৰ কৰাৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিয়া হ’ব। ইয়াৰ ভিতৰত প্ৰতিষ্ঠানগত শাসনব্যৱস্থা উন্নত কৰা, প্ৰশিক্ষকসকলৰ সক্ষমতা শক্তিশালী কৰা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহক ডিজিটেলভাৱে সক্ষম তথা ভৱিষ্যতৰ বাবে সাজু কৰি তোলাৰ দৰে ব্যৱস্থাও অন্তৰ্ভুক্ত হ'ব।
চাৰিখন আঞ্চলিক কৰ্মশালাৰ ভিতৰত দ্বিতীয়খন হিচাপে গুৱাহাটীৰ এই পৰামৰ্শমূলক বৈঠকে বিজয়ৱাড়াত আৰম্ভ হোৱা সহযোগিতামূলক প্ৰক্ৰিয়াক আগুৱাই নিব। এই পৰামৰ্শসমূহৰ পৰা লাভ কৰা মতামত আৰু পৰামৰ্শসমূহে প্ৰশিক্ষণ প্ৰতিষ্ঠান ৰূপান্তৰকৰণৰ পৰিকাঠামোক চূড়ান্ত ৰূপ দিয়াত সহায় কৰিব, যাতে দেশৰ বিভিন্ন ৰাজ্যৰ বৈচিত্ৰ্যপূৰ্ণ প্ৰতিষ্ঠানগত পৰিস্থিতি আৰু প্ৰয়োজনীয়তাসমূহ ইয়াত প্ৰতিফলিত হয়। সাধনা শৃংখলাৰ জৰিয়তে সামৰ্থ্য বিকাশ আয়োগে এনে এটা সংযুক্ত, ক্ষিপ্ৰ আৰু সঁহাৰিদায়ক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ পৰিৱেশ গঢ়ি তুলিবলৈ বিচাৰিছে, যাৰ জৰিয়তে অসামৰিক সেৱাৰ বিষয়াসকলক নাগৰিকসকলৰ বাবে অধিক উন্নত ফলাফল নিশ্চিত কৰাৰ বাবে প্ৰয়োজনীয় দক্ষতাৰে সমৰ্থবান কৰি তুলিব পৰা হ'ব। এই প্ৰচেষ্টা অসামৰিক সেৱাৰ সামৰ্থ্য বিকাশৰ ৰাষ্ট্ৰীয় আঁচনি আৰু বিকশিত ভাৰত ২০৪৭ৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি গ্ৰহণ কৰা হৈছে।

***
PG/UD
(ৰিলিজ আই ডি : 2318733)
অতিথি কক্ষ : 33