• Skip to Content
  • Sitemap
  • Advance Search
খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ মন্ত্ৰালয়
azadi ka amrit mahotsav

ক’ভিড-১৯ মহামাৰীৰ অনিশ্চিয়তা আৰু বর্তমান সময়ত সুসংহত শীতলীকৰণ গৃহ পৰিচালন ব্যৱস্থাপনাৰ ওপৰত গুৰুত্ব আৰোপ হৰছিমৰত কৌৰ বাদলৰ

Posted On: 06 MAY 2020 6:59PM by PIB Guwahati

কেন্দ্রীয় খাদ্য সংসাধন উদ্যোগ মন্ত্রী হৰছিমৰত কৌৰ বাদলে কয় যে শীতলীকৰণ গৃহ পৰিচালন ব্যৱস্থাপনাৰ সহায়ত ফল-মূল আৰু শাক-পাছলি নষ্ট হোৱাটো ৰোধ কৰা সম্ভৱ হৈছে৷ যাৰ ফলত বছৰ বছৰ ধৰি সেই খাদ্য সামগ্রী সহজ লভ্য হৈ পৰিছে৷ খাদ্য সংসাধন উদ্যোগৰ সহায়ত শীতলীকৰণ গৃহ পৰিচালন ব্যৱস্থাপনাৰ সৈতে জড়িত ব্যক্তিসকলক লৈ আয়োজিত এক ভিডিঅ’ কনফাৰেন্সত কেন্দ্রীয় মন্ত্রীগৰাকীয়ে ক’ভিড-১৯ মহামাৰীৰ বর্তমান অনিশ্চয়তাপূৰ্ণ পৰিস্থিতিত খাদ্য সংসাধন সংস্থাসমূহ, বিশেষকৈ সুসংহত শীতলীকৰণ গৃহ পৰিচালন ব্যৱস্থাপনাৰ ওপৰত গুৰুত্ব আৰোপ কৰে৷ তেওঁ কয় যে এই ব্যৱস্থাই কৃষকসকলক অনিশ্চিতয়তাপূৰ্ণ পৰিস্থিতিৰ পৰা ৰক্ষা কৰাৰ লগতে সামগ্ৰীৰ বজাৰ মূল্যৰ ভাৰসাম্য বজাই ৰখাত সহায় কৰিব৷

ভিডিঅ’ কনফাৰেন্সত খাদ্য সংসাধন উদ্যোগ বিভাগৰ ৰাজ্যিক মন্ত্রী ৰামেশ্বৰ তেলীকে ধৰি হাৰিয়ানা, পাঞ্জাৱ, হিমাচল প্ৰদেশ, জম্মু আৰু কাশ্মীৰ আৰু ৰাজস্থানৰ খাদ্য সংসাধন উদ্যোগ মন্ত্ৰালয়ৰ সহায়ত শীতলীকৰণ গৃহ পৰিচালন ব্যৱস্থাপনাৰ সৈতে জড়িত ব্যক্তিসকলেও অংশগ্ৰহণ কৰে৷

কেন্দ্রীয় মন্ত্রীগৰাকীৰ সৈতে হোৱা মত বিনিময়ৰ সময়ত প্ৰকল্পসমূহ সম্পন্ন কৰাৰ ক্ষেত্রত ব্যক্তিসকলে তেওঁলোকৰ অভিজ্ঞতা আৰু সমস্যাৰ লগতে লকডাউন সময়ছোৱাত শীতলীকৰণ গৃহ প্ৰকল্পসমূহ পৰিচালনাত দেখা দিয়া সমস্যাৱলীৰ বিষয়েও ব্যাখ্যা কৰে৷

ৰাজ্য কেইখনৰ ব্যক্তিসকলে জন সমাগম হ্ৰাস কৰাৰ বাবে স্থানীয় প্ৰশাসনৰ বিষয়াসকলে বজাৰসমূহৰ কাম-কাজৰ সময়সীমা সীমিত কৰাৰ সিদ্ধান্তক লৈ উদ্বেগ প্ৰকাশ কৰে৷ তেওঁলোকে কয় যে বহু সময়ত দীঘলীয়া শাৰীৰ পাতি লোকসকলক লৈ কাম-কাজ সম্পাদনত পলম হোৱাৰ বাবে ক্ষয়িষ্ণু খাদ্য সামগ্ৰীৰ গুণাগুন হ্ৰাস হোৱাৰ উপৰি কেতবোৰ সামগ্ৰী নষ্ট হৈ যায়৷ যাৰ বাবে কৃষকসকলে সঠিক দাম পোৱাৰ পৰা বঞ্চিত হয়৷ তেওঁলোকে বৰ্তমান উপাদিত ফল-মুল আৰু শাক-পাছলিৰ ধাৰাবাহিকভাৱে যোগান নিশ্চিত কৰিবলৈ বজাৰসমূহ ২৪ ঘণ্টাই খোলা ৰখাৰ আহ্বান জনায়৷

ক’ভিড মহামাৰীৰ সময়ছোৱাত আভ্যন্তৰীণ চাহিদা হ্রাসৰ কথা উল্লেখ কৰি শীতলীকৰণ গৃহ পৰিচালন ব্যৱস্থাপনাৰ সৈতে জড়িত ব্যক্তিসকলে সর্বসন্মতিক্ৰমে বিদ্যু শুল্কৰ ক্ষেত্ৰত ৰাজসাহায্য দিয়াৰ আহ্বান জনায়৷

ওপৰোক্ত বিষয়বোৰৰ উপৰি ভিডিঅ’ কনফাৰেন্সযোগে কেন্দ্রীয় মন্ত্রীগৰাকীৰ সৈতে কেঁচামালৰ পৰ্যাপ্ততা আৰু ইয়াৰ উচ্চ দাম, পৰিচালন ব্যৱস্থাপনাত লকডাউন আৰু ইয়াৰ প্ৰভাৱ, কৃষকক ধনাদায় কৰা তথা শ্ৰমিক আৰু মাল উঠোৱা-নমোৱাৰ সমস্যা ইত্যাদি বিষয়সমূহৰ লগতে ইয়াৰ সমাধানৰ উপায়সমূহৰ সন্দৰ্ভতো আলোচনা কৰা হয়৷

****

RJ/NG/DB


(Release ID: 1621853) Visitor Counter : 195

Link mygov.in
National Portal Of India
STQC Certificate