Social Welfare
বন্দে মাতৰমৰ ১৫০ বছৰ
এটা সুৰ যি এক আন্দোলনত পৰিণত হৈছিল
Posted On:
06 NOV 2025 4:16PM
মুখ্য তথ্য
- ১৯৫০ চনত সংবিধান সভাৰ দ্বাৰা ভাৰতৰ ৰাষ্ট্ৰীয় গীত হিচাপে গ্ৰহণ কৰা হৈছিল।
- বন্দে মাতৰম প্ৰথমতে স্বতন্ত্ৰভাৱে ৰচনা কৰা হৈছিল আৰু পিছত বঙ্কিম চন্দ্ৰ চেটাৰ্জীৰ উপন্যাস "আনন্দ মঠ" (১৮৮২ চনত প্ৰকাশিত)ত অন্তৰ্ভুক্ত কৰা হৈছিল।
- ১৮৯৬ চনত কলকাতাত অনুষ্ঠিত কংগ্ৰেছ অধিৱেশনত ৰবীন্দ্ৰনাথ ঠাকুৰে প্ৰথমবাৰৰ বাবে গাইছিল।
- ১৯০৫ চনৰ ৭ আগষ্টত ৰাজনৈতিক শ্লোগান হিচাপে বন্দে মাতৰম প্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰা হৈছিল।
পাতনি

এই বছৰ, ২০২৫ চনৰ ৭ নৱেম্বৰত ভাৰতৰ ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমৰ ১৫০ সংখ্যক বাৰ্ষিকী পালন কৰা হৈছে, যাৰ অৰ্থ হৈছে "মাতৃ, মই তোমাক প্ৰণাম কৰোঁ"। এই ৰচনা ভাৰতৰ জাতীয় পৰিচয় আৰু সামূহিক চেতনাৰ স্থায়ী প্ৰতীক হিচাপে পৰিগণিত হৈ স্বাধীনতা সংগ্ৰামী আৰু ৰাষ্ট্ৰ নিৰ্মাতাসকলৰ অগণন প্ৰজন্মক অনুপ্ৰাণিত কৰিছে। বঙ্কিম চন্দ্ৰ চেটাৰ্জীয়ে ৰচনা কৰা 'বন্দে মাতৰম' প্ৰথমবাৰৰ বাবে ১৮৭৫ চনৰ ৭ নৱেম্বৰত সাহিত্য আলোচনী বংগদৰ্শনত প্ৰকাশিত হৈছিল। পিছলৈ বঙ্কিম চন্দ্ৰ চেটাৰ্জীয়ে ১৮৮২ চনত প্ৰকাশিত তেওঁৰ অমৰ উপন্যাস 'আনন্দ মঠ"ত এই গীতটো সন্নিৱিষ্ট কৰিছিল। ইয়াক ৰবীন্দ্ৰনাথ ঠাকুৰে সংগীতৰ ৰূপদান কৰে। ই ৰাষ্ট্ৰৰ সভ্যতা, ৰাজনৈতিক আৰু সাংস্কৃতিক চেতনাৰ এক অবিচ্ছেদ্য অংগ হৈ পৰিছে। এই মাইলৰ খুঁটি স্মৰণ কৰি বন্দে মাতৰমে সকলো ভাৰতীয়ৰ বাবে প্ৰদৰ্শন কৰা ঐক্য, ত্যাগ আৰু ভক্তিৰ কালজয়ী বাৰ্তা পুনৰ দৃঢ় কৰাৰ এক সুযোগ প্ৰদান কৰে।
ঐতিহাসিক পটভূমি
বন্দে মাতৰমৰ গুৰুত্ব বুজিবলৈ ইয়াৰ ঐতিহাসিক উৎপত্তি পৰীক্ষা কৰাটো জৰুৰী, যি সাহিত্য, জাতীয়তাবাদ আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামক সংযোগ কৰা এক পথ। গীতটোৰ কাব্যিক ৰচনাৰ পৰা ৰাষ্ট্ৰীয় গীতলৈ ইয়াৰ বিকাশে ঔপনিৱেশিক আধিপত্যৰ বিৰুদ্ধে ভাৰতৰ সামূহিক জাগৰণৰ দৃষ্টান্ত দাঙি ধৰে।
- গীতটো প্ৰথমবাৰৰ বাবে ১৮৭৫ চনত প্ৰকাশ পাইছিল। ১৯০৭ চনৰ ১৬ এপ্ৰিলত শ্ৰী অৰবিন্দই লিখা ইংৰাজী দৈনিক বান্দে মাতৰমৰ এটা খণ্ডৰ দ্বাৰা এইটো নিশ্চিত কৰা হয় যে তেতিয়াৰ পৰা বত্ৰিশ বছৰ পূৰ্বে বঙ্কিমে তেওঁৰ এই বিখ্যাত গীতটো ৰচনা কৰিছিল। তেওঁ আৰু লক্ষ্য কৰিছিল যে সেই সময়ত খুব কম লোকেহে সেইটো শুনিছিল, কিন্তু দীৰ্ঘদিনীয়া ভ্ৰমৰ পৰা জাগ্ৰত হোৱাৰ মুহূৰ্তত বংগৰ জনসাধাৰণে সত্যৰ বিচাৰিছিল, আৰু এটা ভাগ্যৱান মুহূৰ্তত কোনোবাই "বন্দে মাতৰম" গাইছিল।
- গ্ৰন্থ ৰূপত প্ৰকাশ হোৱাৰ পূৰ্বে আনন্দ মঠ বাংলা মাহেকীয়া আলোচনী বংগদৰ্শনত ধাৰাবাহিকভাৱে প্ৰকাশ হৈছিল, যাৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল বঙ্কিম।
- ১৮৮১ চনৰ মাৰ্চ-এপ্ৰিল সংখ্যাত উপন্যাসখনৰ ধাৰাবাহিকতাৰ প্ৰথম খণ্ডত "বন্দে মাতৰম" গীতটো প্ৰকাশ পাইছিল।
- ১৯০৭ চনত মেডাম ভিকাজী কামাই বাৰ্লিনৰ ষ্টুটগাৰ্টত ভাৰতৰ বাহিৰত প্ৰথমবাৰৰ বাবে ত্ৰিৰংগ পতাকা উত্তোলন কৰিছিল। পতাকাখনত বন্দে মাতৰম শব্দযুগল লিখা আছিল।
আনন্দ মঠ আৰু দেশপ্ৰেমৰ ধৰ্ম
"আনন্দ মঠ" উপন্যাসখনৰ মূল কাহিনীটো সন্তান নামেৰে জনাজাত সন্ন্যাসীসকলৰ এটা গোটৰ ওপৰত আধাৰিত, যাৰ অৰ্থ হৈছে শিশু, যিসকলে নিজৰ জীৱন নিজৰ মাতৃভূমিৰ বাবে উৎসৰ্গা কৰে। তেওঁলোকে মাতৃ দেৱী হিচাপে প্ৰতিষ্ঠিত মাতৃভূমিক পূজা কৰে; তেওঁলোকৰ ভক্তি কেৱল তেওঁলোকৰ জন্মভূমিৰ প্ৰতি। "বন্দে মাতৰম" হৈছে আনন্দ মঠৰ সন্তানসকলে গোৱা গীত। ই "দেশপ্ৰেমৰ ধৰ্ম"ৰ প্ৰতীক হিচাপে পৰিগণিত হৈছিল যিটো আছিল আনন্দ মঠৰ কেন্দ্ৰীয় বিষয়।
তেওঁলোকৰ মন্দিৰত, তেওঁলোকে মাতৃভূমিক প্ৰতিনিধিত্ব কৰা মাতৃৰ তিনিটা মূৰ্তি স্থাপন কৰিছিলঃ এগৰাকী অতীতৰ মাতৃ যি নিজৰ ৰাজকীয় মহিমাৰে মহান আৰু গৌৰৱমণ্ডিত; আনগৰাকী বৰ্তমানৰ মাতৃ যি দুৰ্বল আৰু ধূলি-ধূসৰ; আৰু এগৰাকী ভৱিষ্যতৰ মাতৃ যি মহিমামণ্ডিত। শ্ৰী অৰবিন্দৰ ভাষাত, "তেওঁৰ দৰ্শনৰ মাতৃগৰাকীয়ে তেওঁৰ দুই সত্তৰ নিযুত হাতত সন্ন্যাসীৰ বাটি নহয়, শক্তিশালী তীখা দিছে।"
বঙ্কিম চন্দ্ৰ চেটাৰ্জী

বন্দে মাতৰমৰ লেখক বঙ্কিম চন্দ্ৰ চেটাৰ্জী (১৮৩৮-১৮৯৪) ঊনবিংশ শতিকাৰ বংগৰ অন্যতম বিশিষ্ট ব্যক্তি আছিল। ঊনবিংশ শতিকাত বংগৰ বৌদ্ধিক আৰু সাহিত্যিক ইতিহাসত তেওঁ এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। এগৰাকী বিশিষ্ট ঔপন্যাসিক, কবি আৰু প্ৰবন্ধকাৰ হিচাপে তেওঁৰ অৱদানে আধুনিক বাংলা গদ্যৰ বিকাশ আৰু এক উদীয়মান ভাৰতীয় জাতীয়তাবাদৰ অভিব্যক্তিক গুৰুত্বপূৰ্ণভাৱে প্ৰভাৱিত কৰিছিল।
আনন্দ মঠ (১৮৮২), দুৰ্গেশনন্দিনী (১৮৬৫), কাপালকুণ্ডলা (১৮৬৬), আৰু দেৱী চৌধুৰানী (১৮৮৪) আদি তেওঁৰ উল্লেখযোগ্য ৰচনাসমূহে আত্ম-পৰিচয়ৰ বাবে চেষ্টা কৰা ঔপনিৱেশিক সমাজৰ সামাজিক, সাংস্কৃতিক আৰু নৈতিক চিন্তাধাৰাক প্ৰতিফলিত কৰে।
বন্দে মাতৰমৰ ৰচনাক জাতীয়তাবাদী চিন্তাধাৰাৰ এক মাইলৰ খুঁটি হিচাপে স্বীকৃতি দিয়া হৈছে, যি মাতৃভূমিৰ প্ৰতি ভক্তি আৰু আধ্যাত্মিক আদৰ্শবাদৰ সংশ্লেষণৰ প্ৰতীক। তেওঁৰ লিখনিৰ জৰিয়তে বঙ্কিম চন্দ্ৰ চেটাৰ্জীয়ে কেৱল বাংলা সাহিত্যক সমৃদ্ধ কৰাই নহয়, ভাৰতৰ প্ৰাৰম্ভিক জাতীয়তাবাদী আন্দোলনৰ বাবে মৌলিক আদৰ্শগত নীতিও স্থাপন কৰিছিল। বন্দে মাতৰমত তেওঁ দেশক মাতৃ হিচাপে পৰিচয় দিয়া মাতৃভূমিৰ দৃষ্টিভংগী প্ৰদান কৰিছিল।
বন্দে মাতৰম- প্ৰতিৰোধৰ গীত
১৯০৫ চনৰ অক্টোবৰ মাহত উত্তৰ কলকাতাত মাতৃভূমিৰ ধাৰণাক এক অভিযান আৰু ধৰ্মীয় আৱেগ হিচাপে প্ৰচাৰ কৰিবলৈ বন্দে মাতৰম সম্প্ৰদায় প্ৰতিষ্ঠা কৰা হৈছিল। প্ৰতি দেওবাৰে সমাজৰ সদস্যসকলে "বন্দে মাতৰম" গাই আৰু মাতৃভূমিৰ সমৰ্থক লোকসকলৰ পৰা স্বেচ্ছামূলক অৱদান গ্ৰহণ কৰি প্ৰভাত ফেৰীত ওলাই গৈছিল। ৰবীন্দ্ৰনাথ ঠাকুৰেও কেতিয়াবা এই সম্প্ৰদায়ৰ প্ৰভাত ফেৰীত যোগদান কৰিছিল।
১৯০৬ চনৰ ২০ মে’ত বাৰিশালত (বৰ্তমান বাংলাদেশত) এক অভূতপূৰ্ব বন্দে মাতৰম শোভাযাত্ৰা অনুষ্ঠিত হৈছিল, য’ত হিন্দু আৰু মুছলমান উভয়ৰে দহ হাজাৰৰো অধিক অংশগ্ৰহণকাৰীয়ে বন্দে মাতৰমৰ পতাকা লৈ চহৰখনৰ মূল পথবোৰৰ মাজেৰে যাত্ৰা কৰিছিল।
১৯০৬ চনৰ আগষ্ট মাহত বিপিন চন্দ্ৰ পালৰ সম্পাদনাত বন্দে মাতৰম শীৰ্ষক এখন ইংৰাজী দৈনিক কাকত মুকলি কৰা হৈছিল, য’ত পৰৱৰ্তী সময়ত শ্ৰী অৰবিন্দই যুটীয়া সম্পাদক হিচাপে যোগদান কৰিছিল। ইয়াৰ তীক্ষ্ণ আৰু উদ্দেশ্যপ্ৰণোদিত সম্পাদকীয়ৰ জৰিয়তে, বাতৰিকাকতখন ভাৰতৰ জাগৰণৰ এক শক্তিশালী আহিলা হৈ পৰিছিল, যি সৰ্বভাৰতীয় পাঠকৰ মাজত আত্মনিৰ্ভৰশীলতা, একতা আৰু ৰাজনৈতিক চেতনাৰ বাৰ্তা প্ৰচাৰ কৰিছিল। নিৰ্ভীকভাৱে জাতীয়তাবাদৰ প্ৰচাৰ কৰা, যুৱ ভাৰতীয়সকলক ঔপনিৱেশিক বশ্যতাৰ পৰা ওলাই আহিবলৈ অনুপ্ৰাণিত কৰা, জাতীয়তাবাদী চিন্তাধাৰা স্পষ্ট কৰা আৰু জনমত একত্ৰিত কৰাৰ বাবে বন্দে মাতৰম দৈনিক কাকতখনে এক প্ৰধান মঞ্চ হিচাপে কাম কৰিছিল।
গীত আৰু শ্লোগান হিচাপে বন্দে মাতৰমৰ বৰ্ধিত প্ৰভাৱত আতংকিত হৈ ব্ৰিটিছ প্ৰশাসনে ইয়াৰ প্ৰসাৰ নিয়ন্ত্ৰণৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছিল। নতুনকৈ সৃষ্টি হোৱা পূব বংগ প্ৰদেশৰ চৰকাৰে বিদ্যালয় আৰু মহাবিদ্যালয়সমূহত বন্দে মাতৰম গোৱা বা স্তুতি কৰাত নিষেধাজ্ঞা জাৰি কৰিছিল। শিক্ষা প্ৰতিষ্ঠানসমূহক স্বীকৃতি বাতিলৰ বিষয়ে সতৰ্ক কৰি দিয়া হৈছিল, আৰু ৰাজনৈতিক আন্দোলনত অংশগ্ৰহণ কৰা শিক্ষাৰ্থীসকলক চৰকাৰী সেৱাৰ পৰা নিষিদ্ধ কৰাৰ ভাবুকি দিয়া হৈছিল।
১৯০৫ চনৰ নৱেম্বৰ মাহত বংগৰ ৰংপুৰৰ এখন বিদ্যালয়ৰ ২০০ জন শিক্ষাৰ্থীৰ প্ৰত্যেকৰে ওপৰত ৫ টকাৰ জৰিমনা আৰোপ কৰা হৈছিল, কিয়নো তেওঁলোক বন্দে মাতৰম গোৱাৰ বাবে দোষী আছিল। ৰংপুৰত বিশিষ্ট বিভাজন বিৰোধী নেতাসকলক বিশেষ কনিষ্টবল হিচাপে সেৱা আগবঢ়াবলৈ আৰু বন্দে মাতৰম গোৱাটো প্ৰতিৰোধ কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল। ১৯০৬ চনৰ নৱেম্বৰ মাহত ধুলিয়াত (মহাৰাষ্ট্ৰ) বহুলভাৱে অনুষ্ঠিত এখন সভাত বন্দে মাতৰমৰ দুখ-দৈন্যৰ বিষয়ে উত্থাপন কৰা হৈছিল। ১৯০৮ চনত বেলগামত (কৰ্ণাটক) লোকমান্য তিলকক বাৰ্মাৰ মণ্ডালয়লৈ বিতাড়িত কৰাৰ দিনা আৰক্ষীয়ে বহুতো ল"ৰাক মাৰপিট কৰিছিল আৰু ইয়াক নিষিদ্ধ কৰা মৌখিক আদেশৰ বিৰুদ্ধে বন্দে মাতৰম গোৱাৰ বাবে বহুতো লোকক গ্ৰেপ্তাৰ কৰিছিল।
ৰাষ্ট্ৰীয়তাবাদৰ পুনৰুত্থানৰ বাবে সংগ্ৰামৰ আহ্বান
"বন্দে মাতৰম" গীতটো ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ প্ৰতীক হৈ পৰিছিল, যিয়ে আত্ম-শাসনৰ বাবে সামূহিক আকাংক্ষা আৰু জনসাধাৰণ তথা তেওঁলোকৰ মাতৃভূমিৰ মাজৰ আৱেগিক সম্পৰ্কক সামৰি লৈছিল। প্ৰথম অৱস্থাত স্বদেশী আৰু বিভাজন বিৰোধী আন্দোলনৰ সময়ত জনপ্ৰিয় হোৱা এই গান দ্ৰুতগতিত আঞ্চলিক বাধা অতিক্ৰম কৰি ৰাষ্ট্ৰীয় সজাগতাৰ সংগীত হিচাপে ব্যৱহাৰ হৈছিল। বংগৰ ৰাস্তাৰ পৰা বোম্বাইৰ মূল অংশ আৰু পঞ্জাৱৰ সমভূমিলৈকে, "বন্দে মাতৰম" ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে প্ৰতিৰোধৰ প্ৰতীক হিচাপে প্ৰতিধ্বনিত হৈছিল। ব্ৰিটিছসকলে ইয়াৰ উপস্থাপন দমন কৰাৰ প্ৰয়াসে কেৱল ইয়াৰ দেশপ্ৰেমমূলক গুৰুত্ব বৃদ্ধি কৰিছিল, ইয়াক জাতি, ধৰ্ম আৰু ভাষাৰ উৰ্ধত জনগণক একত্ৰিত কৰা এক নৈতিক শক্তিলৈ ৰূপান্তৰিত কৰিছিল। নেতা, ছাত্ৰ-ছাত্ৰী আৰু বিপ্লৱীসকলে ইয়াৰ পৰা অনুপ্ৰেৰণা লাভ কৰিছিল, ৰাজনৈতিক সমাৱেশ, প্ৰদৰ্শন আৰু কাৰাগাৰৰ সন্মুখত ইয়াক আওৰাইছিল। এই ৰচনাই কেৱল অৱজ্ঞাক অনুপ্ৰাণিত কৰা নাছিল, বৰঞ্চ এই আন্দোলনত সাংস্কৃতিক গৌৰৱ আৰু আধ্যাত্মিক উদ্দীপনাৰ সঞ্চাৰ ঘটাইছিল, যাৰ ফলত ভাৰতৰ স্বাধীনতাৰ পথৰ বাবে আৱেগিক আধাৰ স্থাপন হৈছিল।
"বন্দে মাতৰম"-এ ঊনবিংশ শতিকাৰ শেষৰ ফালে আৰু বিংশ শতিকাৰ আৰম্ভণিতে ভাৰতীয় জাতীয়তাবাদৰ উত্থানৰ আহ্বান হিচাপে আত্মপ্ৰকাশ কৰিছিল।
- ১৮৯৬ চনৰ কংগ্ৰেছৰ অধিৱেশনত ৰবীন্দ্ৰনাথ ঠাকুৰে বন্দে মাতৰম গাইছিল।
- ১৯০৫ চনৰ বংগত বিভাজন বিৰোধী আৰু স্বদেশী আন্দোলনৰ অশান্ত দিনবোৰত বন্দে মাতৰম গীতৰ লগতে ইয়াৰ শ্লোগান হিচাপে ইয়াৰ আকৰ্ষণো অতি শক্তিশালী হৈ উঠিছিল।
- সেই বছৰেই ভাৰতীয় জাতীয় কংগ্ৰেছৰ বাৰাণসী অধিৱেশনত 'বন্দে মাতৰম' গীতটো সৰ্বভাৰতীয় অনুষ্ঠানৰ বাবে গ্ৰহণ কৰা হৈছিল।

১৯০৬ চনৰ এপ্ৰিলত নতুনকৈ সৃষ্টি হোৱা পূব বংগ প্ৰদেশৰ বৰিশালত অনুষ্ঠিত বংগ প্ৰাদেশিক সন্মিলনৰ সময়ত ব্ৰিটিছ কৰ্তৃপক্ষই ৰাজহুৱাভাৱে বন্দে মাতৰম গোৱাত নিষেধাজ্ঞা আৰোপ কৰিছিল আৰু অৱশেষত সন্মিলনখন নিষিদ্ধ কৰিছিল। নিৰ্দেশ অমান্য কৰি প্ৰতিনিধিসকলে শ্লোগান অব্যাহত ৰাখিছিল আৰু আৰক্ষীৰ কঠোৰ দমনৰ সন্মুখীন হৈছিল।
১৯০৭ চনৰ মে’ মাহত লাহোৰত যুৱ প্ৰতিবাদকাৰীৰ এটা দলে ঔপনিৱেশিক আদেশ অমান্য কৰি ৰাৱালপিণ্ডিত স্বদেশী নেতাসকলক গ্ৰেপ্তাৰ কৰাৰ নিন্দা কৰিবলৈ বন্দে মাতৰম শ্লোগান দিছিল। এই কাৰ্যসূচী আৰক্ষীৰ নিষ্ঠুৰ দমনৰ সন্মুখীন হৈছিল, তথাপি যুৱকসকলৰ নিৰ্ভীক শ্লোগানটোৱে সমগ্ৰ দেশতে বিয়পি পৰা প্ৰতিৰোধৰ বৰ্ধিত মনোভাৱক প্ৰতিফলিত কৰিছিল।
১৯০৮ চনৰ ২৭ ফেব্ৰুৱাৰীত টুটিকোৰিন (তামিলনাডু)ৰ ক’ৰেল মিলৰ প্ৰায় এক হাজাৰ শ্ৰমিকে স্বদেশী ষ্টীম নেভিগেচন কোম্পানীৰ সৈতে একত্ৰিকৰণ আৰু কৰ্তৃপক্ষৰ দমনমূলক পদক্ষেপৰ বিৰুদ্ধে ধৰ্ণা দিছিল। তেওঁলোকে প্ৰতিবাদ আৰু দেশপ্ৰেমৰ চিন হিচাপে বন্দে মাতৰম গাই গভীৰ নিশালৈকে ৰাজপথেৰে যাত্ৰা কৰিছিল।
১৯০৮ চনৰ জুন মাহত লোকমান্য তিলকৰ বিচাৰৰ সময়ত বোম্বাই আৰক্ষী আদালতৰ বাহিৰত হাজাৰ হাজাৰ লোক একত্ৰিত হৈছিল আৰু এক শক্তিশালী সংহতি প্ৰদৰ্শন কৰি বন্দে মাতৰম গাইছিল। পিছত, ১৯১৪ চনৰ ২১ জুনত, তিলকে মুক্তি পোৱাৰ পিছত পুণেত এক উষ্ম আদৰণি লাভ কৰে, তেওঁ আসন গ্ৰহণ কৰাৰ বহু সময়ৰ পিছলৈ সমৱেত লোকসকলে বন্দে মাতৰম ধ্বনি দিছিল।
বিদেশত ভাৰতীয় বিপ্লৱীসকলৰ ওপৰত প্ৰভাৱ
- ১৯০৭ চনত মেডাম ভিকাজী কামাই বাৰ্লিনৰ ষ্টুটগাৰ্টত ভাৰতৰ বাহিৰত প্ৰথমবাৰৰ বাবে ত্ৰিৰংগ পতাকা উত্তোলন কৰিছিল। পতাকাখনত বন্দে মাতৰম শব্দদ্বয় লিখা আছিল।
- ১৯০৯ চনৰ ১৭ আগষ্টত যেতিয়া মদন লাল ধিঙৰাক ইংলেণ্ডত ফাঁচী দিয়া হৈছিল, ফাঁচী দিয়াৰ পূৰ্বে তেওঁৰ শেষ কথাষাৰ আছিল "বন্দে মাতৰম"।
- ১৯০৯ চনত পেৰিছত থকা ভাৰতীয় দেশপ্ৰেমীসকলে জেনেভাৰ পৰা বন্দে মাতৰম নামৰ এখন আলোচনী প্ৰকাশৰ দায়িত্ব লৈছিল।
- ১৯১২ চনৰ অক্টোবৰ মাহত যেতিয়া গোপাল কৃষ্ণ গোখলে দক্ষিণ আফ্ৰিকাৰ কেপটাউনত উপস্থিত হৈছিল, তেতিয়া তেওঁক 'বন্দে মাতৰম' বুলি চিঞৰি এক বিশাল শোভাযাত্ৰাৰ দ্বাৰা আদৰণি জনোৱা হৈছিল।
ৰাষ্ট্ৰীয় মৰ্যাদা
সংবিধান সভাত জন গণ মন আৰু বন্দে মাতৰম দুয়োটাকে ৰাষ্ট্ৰীয় প্ৰতীক হিচাপে গ্ৰহণ কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণ ঐক্যমত আছিল, আৰু এই বিষয়ত কোনো বিতৰ্ক হোৱা নাছিল। ১৯৫০ চনৰ ২৪ জানুৱাৰীত ডঃ ৰাজেন্দ্ৰ প্ৰসাদে সংবিধান সভাত ভাষণ দি কৈছিল যে স্বাধীনতা আন্দোলনত উল্লেখযোগ্য ভূমিকা পালন কৰাৰ বাবে ৰাষ্ট্ৰীয় সংগীত জন গণ মনৰ দৰে বন্দে মাতৰমৰো একে মৰ্যাদা থাকিব লাগে আৰু সমানভাৱে সন্মানিত হ'ব লাগে। তেওঁ কৈছিল,
"এটা বিষয় আলোচনাৰ বাবে বাকী আছে, অৰ্থাৎ ৰাষ্ট্ৰীয় সংগীতৰ প্ৰশ্ন। এসময়ত চিন্তা কৰা হৈছিল যে বিষয়টো সদনৰ আগত উত্থাপন কৰা হ'ব আৰু সদনৰ দ্বাৰা এটা প্ৰস্তাৱৰ জৰিয়তে সিদ্ধান্ত লোৱা হ'ব। কিন্তু এইটো অনুভৱ হৈছে যে, এটা প্ৰস্তাৱৰ জৰিয়তে আনুষ্ঠানিক সিদ্ধান্ত লোৱাৰ পৰিৱৰ্তে, মই ৰাষ্ট্ৰীয় সংগীতৰ সন্দৰ্ভত এটা বিবৃতি দিলে ভাল হব। সেই অনুসৰি মই এই মন্তব্য কৰিছোঁ।
জন গণ মন নামেৰে জনাজাত শব্দ আৰু সংগীতৰে সজোৱা ৰচনাটো হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত, যাৰ শব্দ প্ৰয়োজন অনুসৰি চৰকাৰে সলনি কৰিব পাৰে; আৰু ভাৰতীয় স্বাধীনতা সংগ্ৰামত ঐতিহাসিক ভূমিকা পালন কৰা বন্দে মাতৰম গীতটোক জন গণ মনৰ দৰেই সমানে সন্মান জনোৱা হ'ব আৰু সমান মৰ্যাদা লাভ কৰিব। (হাতচাপৰি)। মই আশা কৰোঁ যে ই সদস্যসকলক সন্তুষ্ট কৰিব।"
ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন-গণ-মনক স্বাধীন ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত হিচাপে গ্ৰহণ কৰা হৈছিল আৰু বঙ্কিমৰ বন্দে মাতৰমক জন-গণ-মানৰ সমান মৰ্যাদাৰে ৰাষ্ট্ৰীয় গীত হিচাপে গ্ৰহণ কৰাৰ তেওঁৰ এই বক্তব্য গৃহীত হৈছিল।
বন্দে মাতৰমৰ ১৫০ বছৰ উদযাপন
ৰাষ্ট্ৰই বন্দে মাতৰমৰ ১৫০ বছৰ সম্পূৰ্ণ কৰাৰ সময়তে বিভিন্ন গুৰুত্বপূৰ্ণ কাৰ্যসূচীৰে সমগ্ৰ ভাৰততে ইয়াৰ চিৰস্থায়ী উত্তৰাধিকাৰক একতা, প্ৰতিৰোধ আৰু ৰাষ্ট্ৰীয় গৌৰৱৰ গীত হিচাপে সন্মান জনোৱাৰ চেষ্টা চলোৱা হৈছে। গীতটোৰ ঐতিহাসিক আৰু সাংস্কৃতিক তাৎপৰ্য্য পুনৰ বিবেচনা কৰিবলৈ প্ৰতিষ্ঠান, সাংস্কৃতিক সংস্থা আৰু শৈক্ষিক কেন্দ্ৰসমূহে আলোচনাচক্ৰ, প্ৰদৰ্শনী, সংগীত পৰিৱেশন আৰু ৰাজহুৱা পাঠৰ আয়োজন কৰিছে।
ভাৰত চৰকাৰে ইয়াক চাৰিটা পৰ্যায়ত স্মৰণ কৰিব।

ইয়াৰ ভিতৰত কেইটামান কাৰ্যসূচী তলত তালিকাভুক্ত কৰা হল-
২০২৫ চনৰ ৭ নৱেম্বৰত
- দিল্লী (ইন্দিৰা গান্ধী ষ্টেডিয়াম)ত অনুষ্ঠিত হ’ব স্মৃতিচাৰণৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ উদ্বোধনী কাৰ্যসূচী।
- ৭ নৱেম্বৰত তহচিল পৰ্যায়লৈকে সমগ্ৰ দেশতে ৰাজহুৱাভাৱে ব্যাপক অংশগ্ৰহণৰ সৈতে ভিআইপি কাৰ্যসূচী অনুষ্ঠিত হ'ব।
- ৰাষ্ট্ৰীয় অনুষ্ঠানত এটা স্মাৰক ডাকটিকট আৰু মুদ্ৰা মুকলি কৰা হ"ব।
- বন্দে মাতৰমৰ ইতিহাসৰ আধাৰত এখন প্ৰদৰ্শনীৰ আয়োজন কৰা হ"ব আৰু এখন চুটি চলচ্চিত্ৰ প্ৰদৰ্শন কৰা হ’ব।
- প্ৰতিটো চৰকাৰী অনুষ্ঠানত ডাকটিকট আৰু মুদ্ৰা মুকলিৰ ছবি প্ৰদৰ্শন কৰা হ’ব।
- অনুষ্ঠানসমূহৰ ফটো আৰু ভিডিঅ' অভিযান ৱেবছাইটত আপলোড কৰা হ'ব।
- ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই কাৰ্যসূচীত সমগ্ৰ দেশৰ বিশিষ্ট গায়কসকলে বন্দে মাতৰমৰ বিভিন্ন অভিযোজন উপস্থাপন কৰিব।
বছৰজোৰা কাৰ্যসূচী
- অল ইণ্ডিয়া ৰেডিঅ' আৰু দূৰদৰ্শন আৰু এফ. এম. ৰেডিঅ' অভিযানত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হ'ব।
- পি. আই. বি.য়ে টায়াৰ-টু আৰু টায়াৰ-থ্ৰী পৰ্যায়ৰ চহৰসমূহত বন্দে মাতৰমৰ ওপৰত পেনেল আলোচনা আৰু বৈঠকৰ আয়োজন কৰিব।
- সমগ্ৰ বিশ্বৰ সকলো ভাৰতীয় মিছন আৰু পোষ্টত বন্দে মাতৰমৰ মনোভাবৰ প্ৰতি উৎসর্গিত সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হ'ব।
- বন্দে মাতৰমৰ মনোভাৱৰ প্ৰতি সমৰ্পিত এক বিশ্বব্যাপী সংগীত উৎসৱৰ আয়োজন কৰা হ'ব।
- বন্দে মাতৰমঃ পৃথিৱী মাতৃক প্ৰণাম- গছপুলি ৰোপণ অভিযানৰ আয়োজন কৰা হ"ব।
- ৰাষ্ট্ৰীয় পথত দেশপ্ৰেমমূলক চিত্ৰ সৃষ্টি আৰু প্ৰদৰ্শন কৰা হ'ব।
- অডিঅ' বাৰ্তা আৰু বিশেষ ঘোষণা কৰা হ'ব। ৰে'লৱে ষ্টেচন আৰু বিমানবন্দৰত এল. ই. ডি.ৰে বন্দে মাতৰমৰ বিষয়ে তথ্য প্ৰদৰ্শন কৰিব।
বিশেষ কাৰ্যসূচী
- বন্দে মাতৰমৰ বিভিন্ন দিশ, বঙ্কিম চন্দ্ৰ চেটাৰ্জীৰ জীৱন কাহিনী, স্বাধীনতা সংগ্ৰামত বন্দে মাতৰমৰ ভূমিকা, আৰু ভাৰতৰ ইতিহাসৰ আধাৰত ১ মিনিটৰ ২৫ খন চলচ্চিত্ৰ নিৰ্মাণ কৰা হ'ব আৰু ছ' চিয়েল মিডিয়াৰ জৰিয়তে প্ৰচাৰ কৰা হ'ব।
- দেশপ্ৰেমৰ শক্তিক প্ৰণালীবদ্ধ কৰিবলৈ বন্দে মাতৰম অভিযান আৰু হৰ ঘৰ ত্ৰিৰংগা অভিযান একেলগে উদযাপন কৰা হ'ব।
এই পদক্ষেপসমূহ কেৱল বঙ্কিম চন্দ্ৰ চেটাৰ্জীৰ কালজয়ী সৃষ্টিৰাজিক শ্ৰদ্ধাঞ্জলি জনোৱাই নহয়, স্বাধীনতা সংগ্ৰামৰ সময়ত প্ৰজন্মক অনুপ্ৰাণিত কৰাৰ ক্ষেত্ৰত ইয়াৰ ভূমিকাকো আলোকপাত কৰে। এই উদযাপনৰ জৰিয়তে সমসাময়িক ভাৰতৰ বাবে বন্দে মাতৰমৰ মনোভাবক পুনৰ ব্যাখ্যা কৰা হৈছে- যি ৰাষ্ট্ৰৰ গৌৰৱোজ্জ্বল অতীতক এক ঐক্যবদ্ধ, আত্মনিৰ্ভৰশীল আৰু সাংস্কৃতিকভাৱে স্পন্দনশীল ভৱিষ্যতৰ আকাংক্ষাৰ সৈতে সংযোগ কৰিছে।
সামৰণি
বন্দে মাতৰমৰ ১৫০ বছৰীয়া স্মৃতিচাৰণে ভাৰতৰ ৰাষ্ট্ৰীয় পৰিচয়ৰ বিকাশত গীতটোৰ গভীৰ ঐতিহাসিক আৰু সাংস্কৃতিক তাৎপৰ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ঊনবিংশ শতিকাৰ শেষৰ ফালে বৌদ্ধিক আৰু সাহিত্যিক পৰিসীমাৰ বাহিৰত বন্দে মাতৰমে ইয়াৰ সাহিত্যিক উৎসক অতিক্ৰম কৰি ঔপনিৱেশিকবিৰোধী প্ৰতিৰোধ আৰু সামূহিক আকাংক্ষাৰ এক শক্তিশালী প্ৰতীকত পৰিগণিত হৈছিল। এই স্মৃতিচাৰণে কেৱল বঙ্কিম চন্দ্ৰ চেটাৰ্জীৰ দৃষ্টিভংগীৰ চিৰস্থায়ী প্ৰাসংগিকতাক পুনৰ দৃঢ় কৰাই নহয় বৰঞ্চ আধুনিক ভাৰতত জাতীয়তাবাদ, একতা আৰু সাংস্কৃতিক আত্মসজাগতাৰ ধাৰণা গঢ় দিয়াৰ ক্ষেত্ৰত গীতটোৰ ভূমিকাক লৈও নতুন চিন্তা-চৰ্চাৰ উন্মেষ ঘটায়।
সমল
Ministry of Culture
https://indianculture.gov.in/digital-district-repository/district-repository/vande-mataram-nationalist-artwork
https://knowindia.india.gov.in/national-identity-elements/national-song.php
https://www.abhilekh-patal.in/Category/Search/QuerySearch?query=vande%20mataram
https://indianculture.gov.in/node/2820573
https://amritkaal.nic.in/vande-mataram
Press Information Bureau:
PIB Archives
https://static.pib.gov.in/WriteReadData/specificdocs/documents/2024/nov/doc20241125450301.pdf
https://www.pib.gov.in/newsite/erelcontent.aspx?relid=11804
***
DPS/KD
(Backgrounder ID: 155955)
Visitor Counter : 9
Provide suggestions / comments
Read this release in:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Nepali
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Kannada
,
Malayalam