Farmer's Welfare
পিএম-কিষাণ আঁচনিৰ ২১সংখ্যক কিস্তি
দুৰ্যোগপীড়িত ৰাজ্যলৈ লক্ষ্য ৰাখি ১৮ হাজাৰ কোটি টকা ৯ কোটি কৃষকৰ বেংক একাউণ্টলৈ পোনপটীয়াকৈ হস্তান্তৰ কৰা হৈছে
Posted On:
19 NOV 2025 2:43PM
মুখ্য তথ্য
২১ সংখ্যক কিস্তিত প্ৰত্যক্ষ সুবিধা হস্তান্তৰৰ জৰিয়তে ৯ কোটি কৃষকক ১৮ হাজাৰ কোটি টকা প্ৰদান কৰা হৈছে।
আৰম্ভণিৰে পৰা ১১ কোটিৰো অধিক কৃষক পৰিয়ালক ৩.৭০ লাখ কোটি টকাতকৈ অধিক ধন প্ৰদান কৰা হৈছে, যাৰ ফলত পিএম-কিষাণ বিশ্বৰ অন্যতম বৃহৎ প্ৰত্যক্ষ সুবিধা হস্তান্তৰ পদক্ষেপ ৰূপে স্বীকৃত হৈছে।
আধাৰ ভিত্তিক e-KYC, ডিজিটেল লেণ্ড ৰেকৰ্ড আৰু PM-KISAN পৰ্টেলে স্বচ্ছ, অনিয়ম বহিৰ্ভুত হিতাধিকাৰী পৰীক্ষণ নিশ্চিত কৰে।
Kisan-eMitra AI chatbot আৰু PM-KISAN মোবাইল এপে কৃষকসকলক অভিগম্যতা, অভিযোগ নিৰাময় আৰু বাস্তৱ সময়ৰ তথ্য প্ৰদান কৰে।
পাতনি
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৯ নৱেম্বৰ, ২০২৫ তাৰিখে তামিলনাডুৰ কইম্বাটুৰৰ পৰা প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি (PM-KISAN) আঁচনিৰ ২১ সংখ্যক কিস্তি মুকলি কৰিব।এই কিস্তিৰ অধীনত সমগ্ৰ দেশৰ প্ৰায় ৯ কোটি কৃষকে প্ৰত্যক্ষ লাভ হস্তান্তৰ ব্যৱস্থাৰ জৰিয়তে প্ৰায় ১৮,০০০ কোটি টকাৰ প্ৰত্যক্ষ আৰ্থিক সাহায্য লাভ কৰিব, যি স্বচ্ছতা নিশ্চিত কৰিব আৰু যিকোনো মধ্যভোগীৰ হস্তক্ষেপ নাইকিয়া কৰিব।
পিএম-কিষাণৰ বিষয়ে
প্ৰধান মন্ত্ৰী কিষাণ সন্মান নিধি (পিএম-কিষাণ) ২০১৯ চনৰ ২৪ ফেব্ৰুৱাৰীত আৰম্ভ হোৱা কেন্দ্ৰীয় চৰকাৰৰ এখন আঁচনি। এই আঁচনিখনে বাৰ্ষিক প্ৰতিটো যোগ্য কৃষক পৰিয়ালক ৬০০০টকা, তিনিটা সমান কিস্তিৰে ২০০০টকাকৈ DBT পদ্ধতিৰ জৰিয়তে কৃষকসকলৰ আধাৰসংযুক্ত বেংক একাউণ্টত বিতৰণ কৰে।
ই বিশ্বৰ অন্যতম বৃহৎ প্ৰত্যক্ষ লাভ হস্তান্তৰ পদক্ষেপ, যি ১১ কোটিৰো অধিক কৃষক পৰিয়ালক ৩.৭০ লাখ কোটি টকা যোগান ধৰিছে। এই আঁচনিখনে আধাৰ ভিত্তিক পৰীক্ষণ আৰু ডিজিটেল আন্তঃগাঁথনিৰ জৰিয়তে স্বচ্ছতা আৰু নিৰৱচ্ছিন্ন ডেলিভাৰী নিশ্চিত কৰে, লগতে কিষাণ ই-মিত্ৰৰ দৰে ডিজিটেল উদ্ভাৱনকো অনুপ্ৰাণিত কৰিছে।
এই আঁচনিখন বিশ্বজোৰা এক সৰ্ববৃহৎ প্ৰত্যক্ষ লাভ হস্তান্তৰ (DBT) পদক্ষেপ হিচাপে পৰিগণিত হৈছে, যাৰ জৰিয়তে হিতাধিকাৰীসকলক পোনপটীয়াকৈ বিত্তীয় সহায় আগবঢ়োৱাৰ ক্ষেত্ৰত ইয়াৰ গুৰুত্বপূৰ্ণ প্ৰভাৱক প্ৰতিফলিত কৰে। অন্তৰ্ভুক্তিৰ প্ৰতিশ্ৰুতিৰে, ই ইয়াৰ ২৫শতাংশতকৈও অধিক লাভালাভ মহিলা হিতাধিকাৰীৰ বাবে উৎসৰ্গা কৰে।
আঁচনিখনৰ সফলতাৰ আঁৰৰ এটা প্ৰধান কাৰক হ’ল ভাৰতৰ শক্তিশালী ডিজিটেল আন্তঃগাঁথনি। জন ধন একাউণ্ট, আধাৰ আৰু মোবাইল ফোনৰ একত্ৰীকৰণৰ জৰিয়তে আঁচনিখনৰ প্ৰতিটো উপাদান নিৰৱিচ্ছিন্নভাৱে অনলাইনত অব্যাহত আছে। কৃষকসকলে স্ব-পঞ্জীয়ন কৰিব পাৰে, নথিসমূহ ডিজিটেলভাৱে পৰীক্ষা কৰা হয়, আৰু পৰিশোধ পোনপটীয়াকৈ তেওঁলোকৰ বেংক একাউণ্টলৈ স্থানান্তৰ কৰা হয়। ৰাজ্য চৰকাৰসমূহেও মসৃণ ৰূপায়ণ নিশ্চিত কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে, এক একত্ৰিত আৰু কৃষক-অনুকূল ডেলিভাৰী ব্যৱস্থা সৃষ্টি কৰাত সহায় কৰিছে। এই আঁচনিখনে কৃষক ই-মিত্ৰ, এটা ভইচ-আধাৰিত চেটবট, আৰু এগ্ৰিষ্টেকৰ দৰে ডিজিটেল উদ্ভাৱনৰ বিকাশক অধিক অনুপ্ৰাণিত কৰিছে, যাৰ লক্ষ্য হৈছে কৃষকসকলক ব্যক্তিগতকৃত আৰু সময়োপযোগী পৰামৰ্শ সেৱা প্ৰদান কৰা। এই অগ্ৰগতিবোৰেএকেলগে ভাৰতীয় কৃষিক আধুনিকীকৰণ আৰু ভৱিষ্যতৰ বাবে প্ৰস্তুত কৰাত সহায় কৰিছে।

পিএম-কিষাণৰ সাফল্য
|
আৰম্ভণিৰে পৰা ভাৰত চৰকাৰে ২০টা কিস্তিৰ জৰিয়তে ১১ কোটিৰো অধিক কৃষক পৰিয়ালক৩.৭০ লাখ কোটিৰো অধিক ধন প্ৰদান কৰিছে।
|
|
২০২৩ চনৰ নৱেম্বৰ মাহত বিকাশিত ভাৰত সংকল্প যাত্ৰাৰ অধীনত আৰম্ভ কৰা এক বৃহৎ অভিযানে এই আঁচনিখন ১ কোটিৰো অধিক যোগ্য কৃষকৰ দৃষ্টিগোচৰ কৰিছে।
|
|
তাৰ পিছত ২০২৪ চনৰ জুন মাহত নতুন চৰকাৰ গঠনৰ প্ৰথম ১০০ দিনৰ ভিতৰত অতিৰিক্ত ২৫ লাখ কৃষকক সামৰি লোৱা হৈছিল। ফলত ১৮ নং কিস্তিত হিতাধিকাৰীৰ সংখ্যা ৯.৫৯ কোটিলৈ বৃদ্ধি পাইছে।
|
|
২০২৪ চনৰ ২১ ছেপ্টেম্বৰৰ পৰা আত্ম পঞ্জীয়নভুক্ত বিচাৰাধীন গোচৰসমূহ মুক্ত কৰাৰ বাবে এক বিশেষ অভিযান আৰম্ভ কৰে। আৰম্ভণিৰ পৰাই ৩০ লাখৰো অধিক বাকী থকা স্ব-পঞ্জীয়কৃত গোচৰত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে অনুমোদন জনাইছে।
|
|
সামগ্ৰিকভাৱে বিভিন্ন ৰাজ্যলৈ এই আঁচনিখন ঢুকি পোৱা গৈছে। উদাহৰণস্বৰূপে, ২০সংখ্যক কিস্তিৰ সময়ছোৱাত (এপ্ৰিল ২০২৫-জুলাই ২০২৫) উত্তৰ প্ৰদেশত সৰ্বাধিকহিতাধিকাৰী (২.৩৪ কোটি) আছিল, তাৰ পিছতে মহাৰাষ্ট্ৰত ৯২.৮৯ লাখ হিতাধিকাৰী।
|
দুই হেক্টৰতকৈ কম ভূমিৰ গৰাকী ৮৫শতাংশতকৈও অধিক ভাৰতীয় কৃষকৰ বাবে পিএম-কিষাণে এক অত্যাৱশ্যকীয় সমৰ্থন ব্যৱস্থা হিচাপে কাম কৰিছে। এই বিত্তীয় সাহায্যই তেওঁলোকক ৰোপণ আৰু শস্য চপোৱাৰ দৰে গুৰুত্বপূৰ্ণ সময়বোৰ পৰিচালনা কৰাত সহায় কৰে, যেতিয়া নগদ ধনৰ প্ৰবাহ প্ৰায়ে সীমিত হয়। ই বিত্তীয় চাপ হ্ৰাস কৰে, অনানুষ্ঠানিক ঋণৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰে, আৰু কঠিন সময়ত সুৰক্ষা প্ৰদান কৰে। আৰ্থিক লাভৰ বাহিৰেও, আঁচনিখনে মৰ্য্যাদাৰ মনোভাৱ জাগ্ৰত কৰে আৰু কৃষকসকলক ৰাষ্ট্ৰৰ উন্নয়নত সন্মান আৰু মূল্যৱান অৱদানকাৰী বুলি শক্তিশালী কৰে।
পি এম-কিষাণ আঁচনিৰ উদ্দেশ্য
ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষক(SMF)ৰ আয় বৃদ্ধিৰ লক্ষ্যৰে প্ৰৱৰ্তন কৰা পিএম-কিষাণ আঁচনিৰ লক্ষ্য হৈছে-
শস্যৰ সঠিক স্বাস্থ্য আৰু সঠিক উৎপাদন নিশ্চিত কৰিবলৈ বিভিন্ন সামগ্ৰী ক্ৰয় কৰাত ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষক (SMF)ৰ আৰ্থিক প্ৰয়োজনীয়তা পূৰণ কৰা, যিটো প্ৰতিটো শস্য চক্ৰৰ শেষত আশাকৰা ধৰণৰ কৃষি আয়ৰ সমানুপাতিক হ’ব।
ইয়াৰ দ্বাৰা তেওঁলোকে এনে খৰচ পূৰণৰ বাবে ধনদাতাৰ কবলত পৰাৰ পৰা ৰক্ষা পাব আৰু তেওঁলোকৰ খেতি অব্যাহত ৰখাটো নিশ্চিত হ’ব।
পিএম-কিষাণত পঞ্জীয়নৰ বাবে যোগ্যতাৰ মাপকাঠী
- সকলো পট্টাধাৰী কৃষক পৰিয়াল, যাৰ নামত খেতি কৰিব পাৰি, এই আঁচনিৰ অধীনত লাভালাভ লাভ কৰিবলৈ যোগ্য। আঁচনিখনত নাম পঞ্জীয়ন কৰিবলৈ প্ৰয়োজনীয় বাধ্যতামূলক তথ্যঃ
- কৃষক/পত্নীৰ নাম
- কৃষক/পত্নীৰ জন্ম তাৰিখ
- বেংক একাউণ্ট নম্বৰ
- IFSC/ MICR ক’ড
- মোবাইল (যোগাযোগ) নম্বৰ
- আধাৰ নম্বৰ
- পাছবুকত থকা অন্যান্য গ্ৰাহকৰ তথ্য বাধ্যতামূলক পঞ্জীয়নৰ বাবে প্ৰয়োজনীয় হ’ব পাৰে।
ৰূপায়ণ আৰু নিৰীক্ষণ
ৰূপায়ণ কৌশল
- ৰাজ্য চৰকাৰসমূহ যোগ্য কৃষক পৰিয়ালসমূহৰ নাম, বয়স, শ্ৰেণী, আধাৰ নম্বৰ, বেংক একাউণ্টৰ সবিশেষ আৰু মোবাইল নম্বৰকে ধৰি এক বিস্তৃত তথ্যকোষ তৈয়াৰ কৰিবলৈ দায়বদ্ধ। তেওঁলোকে দ্বৈত পেমেণ্ট বন্ধ কৰি বেংক সম্পৰ্কীয় যিকোনো সমস্যা তৎকালীনভাৱে সমাধান কৰিব লাগিব।
- হিতাধিকাৰীসকল আঁচনিৰ যোগ্যতাৰ মাপকাঠীৰ বাহিৰত নহয় বুলি নিশ্চিত কৰি আত্মঘোষণা দাখিল কৰিব লাগিব। এই ঘোষণাত হিতাধিকাৰীৰ সন্মতি অন্তৰ্ভুক্ত হ’ব, যাতে চৰকাৰে তেওঁলোকৰ আধাৰ আৰু অন্যান্য তথ্যসমূহ পৰীক্ষণৰ উদ্দেশ্যে ব্যৱহাৰ কৰিব পাৰে। বৰ্তমানৰ মাটিৰ মালিকীস্বত্বৰ তথ্যৰ ভিত্তিত হিতাধিকাৰী চিনাক্তকৰণ কৰা হ’ব।
- ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে এই অভিলেখসমূহ আপডেট কৰি ৰাখিব লাগিব, ডিজিটেলাইজেচনৰ প্ৰক্ৰিয়া ক্ষিপ্ৰতাৰে কৰিব লাগিব, আধাৰ আৰু বেংকৰ সবিশেষৰ সৈতে সংযোগ কৰিব লাগিব।
- যোগ্য হিতাধিকাৰীৰ তালিকা গাঁও পৰ্যায়ত প্ৰদৰ্শিত হ’ব লাগিব। যিসকল কৃষক যোগ্য হোৱাৰ পিছতো বাদ পৰিছে সেইসকল কৃষকক আবেদনৰ সুযোগ দি অন্তৰ্ভুক্ত কৰা উচিত।
ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলসমূহক উচ্চ আয়ৰ লোক, আয়কৰদাতা, PSU, ৰাজ্য/কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী, সাংবিধানিক পদত অধিষ্ঠিত ব্যক্তি আদিক অযোগ্য কৃষকক প্ৰদান কৰা ধন আদায় কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। ২০২৫ চনৰ ৫ আগষ্টলৈকে মুঠ ৪১৬ কোটি টকা সমগ্ৰ দেশতে অযোগ্য হিতাধিকাৰীৰ পৰা আদায় কৰা হৈছে।
নিৰীক্ষণ আৰু অভিযোগ নিষ্পত্তি :
- ৰাষ্ট্ৰীয়, ৰাজ্যিক আৰু জিলা পৰ্যায়ত নিৰীক্ষণ কৰে।
- কেবিনেট সচিবে ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰ্যালোচনাৰ নেতৃত্ব দিয়ে।
- ৰাজ্যসমূহে দুয়োটা স্তৰতে ৰাজ্য আৰু জিলা নিৰীক্ষণ সমিতি আৰু অভিযোগ নিষ্পত্তি সমিতি গঠন কৰিব লাগিব।
- অভিযোগৰ ভিত্তিত দুসপ্তাহৰ ভিতৰত ইয়াক নিষ্পত্তি কৰিব লাগিব।
- মন্ত্ৰালয়ৰ অধীনত পঞ্জীয়নভুক্ত সমিতি হিচাপে কেন্দ্ৰীয় প্ৰকল্প নিৰীক্ষণ গোট (PMU) গঠন কৰা হৈছে।
- ইয়াৰ নেতৃত্বত এজন CEO থাকে আৰু ই সামগ্ৰিকভাৱে নিৰীক্ষণ আৰু প্ৰচাৰমূলক কাম-কাজ (IEC) চলায়।
- প্ৰতিখন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলে কেন্দ্ৰীয় চৰকাৰৰ সৈতে সমন্বয়ৰ বাবে এটা ন’ডেল বিভাগ নিৰ্ধাৰণ কৰে।
- ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহেও নিজৰ ৰাজ্যিক পৰ্যায়ৰ পিএমইউ স্থাপন কৰিব পাৰে।
- কেন্দ্ৰীয় চৰকাৰে মাজে-মধ্যে কিস্তিৰ ধনৰ ০.১২৫% ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ PMUসমূহক প্ৰদান কৰে প্ৰশাসনিক খৰচ পূৰণৰ বাবে। ২০২৫ চনৰ ১২ আগষ্টলৈকে মুঠ ২৬৫.৬৪ কোটি টকা প্ৰশাসনিক খৰচ হিচাপে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ মুকলি কৰি দিয়া হৈছে।
পিএম-কিষাণ আঁচনিৰ গুৰুত্বৰ বাবে পিএম-কিষাণ পৰ্টেল আৰু কেন্দ্ৰীভূত ৰাজহুৱা অভিযোগ নিৰাময় আৰু নিৰীক্ষণ ব্যৱস্থাত অভিযোগ নিৰাময় প্ৰক্ৰিয়া (CPGRAMS)ৰ ব্যৱস্থা কৰা হৈছে। দ্ৰুত আৰু সময়োপযোগী তথ্যৰ বাবে কৃষকসকলে PM-KISAN পৰ্টেলত পোনপটীয়াকৈ নিজৰ উদ্বেগ প্ৰকাশ কৰিব পাৰে।
প্ৰযুক্তিগত উন্নতি
এই আঁচনিখনে প্ৰযুক্তিগত আৰু পদ্ধতিগত উন্নয়নৰ সুবিধা গ্ৰহণ কৰে, যাতে সৰ্বাধিকসংখ্যক হিতাধিকাৰীয়ে কোনো ধৰণৰ হেঁচা নোহোৱাকৈ সুবিধাসমূহ লাভ কৰিব পাৰে। কৃষককেন্দ্ৰিক ডিজিটেল আন্তঃগাঁথনিয়ে ব্যাপক প্ৰৱেশ নিশ্চিত কৰে, যাৰ ফলত সমগ্ৰ দেশৰ যোগ্য কৃষকসকলে আঁচনিখনৰ সুবিধাসমূহ নিৰৱচ্ছিন্নভাৱে লাভ কৰিবলৈ সক্ষম হয়। ডিজিটেল ৰাজহুৱা সামগ্ৰীৰ কৌশলগত অন্তৰ্ভুক্তিয়ে কেৱল মধ্যভোগীক নিৰ্মূল কৰাই নহয়, দুৰ্গম অঞ্চলত প্ৰৱেশৰ এক সুশৃংখলিত বিতৰণ ব্যৱস্থাৰ পথো মুকলি কৰিছে।
আধাৰ-ভিত্তিক সংযোগ
আধাৰ আৰু আধাৰ ভিত্তিক পেমেণ্ট আন্তঃগাঁথনিৰ ব্যৱহাৰৰ জৰিয়তে আঁচনিৰ ফলপ্ৰসূতা বৃদ্ধি কৰা হয়, যাৰ ফলত সুৰক্ষিত আৰু কাৰ্যক্ষম লেনদেন নিশ্চিত হয়। ই-কেৱাইচি সম্পূৰ্ণ কৰাৰ জৰিয়তে হিতাধিকাৰীৰ পৰিচয় প্ৰতিষ্ঠা কৰাত আধাৰ পিএম-কিষাণৰ মূল স্তম্ভ।
বৰ্তমান কৃষকসকলে তলত দিয়া যিকোনো বিকল্প ব্যৱহাৰ কৰি তেওঁলোকৰ ই-কেৱাইচি সম্পূৰ্ণ কৰিব পাৰে:
অ’টিপি ভিত্তিক ই-কেৱাইচি
বায়মেট্ৰিক ভিত্তিক ই-কেৱাইচি
মুখ প্ৰমাণীকৰণ ভিত্তিক ই-কেৱাইচি

পিএম-কিষাণ ৱেব পৰ্টেল
দেশত সুবিধা হস্তান্তৰৰ সুবিধাৰ বাবে এক সংহত মঞ্চ প্ৰদানৰ বাবে এটা ৱেব পৰ্টেলৰ জৰিয়তে কৃষকৰ সবিশেষ একে পৰিকাঠামোত আপলোড কৰিবলৈ পিএম-কিষাণ পৰ্টেল আৰম্ভ কৰা হৈছে। পিএম-কিষাণ প'ৰ্টেল তলত উল্লেখ কৰা উদ্দেশ্যসমূহৰে সৃষ্টি কৰা হৈছেঃ
পৰ্টেলত কৃষকৰ তথ্যৰ বাবে পৰীক্ষিত আৰু একক সত্যৰ উৎস প্ৰদান কৰা।
কৃষকসকলক কৃষি কৰ্মৰ বাবে সময়মতে সহায় আগবঢ়োৱা।
ৰাজহুৱা বিত্তীয় ব্যৱস্থাপনা ব্যৱস্থা (PFMS)ৰ সৈতে সংহতিৰ জৰিয়তে কৃষকৰ বেংক একাউণ্টলৈ নগদ ধনৰ সুবিধাসমূহ হস্তান্তৰ কৰাৰ বাবে এক সংহত ই-প্লেটফৰ্ম সৃষ্টি কৰা।
স্থানীয় ভিত্তিত হিতাধিকাৰী কৃষকৰ তালিকা উপলব্ধ কৰা ।
সমগ্ৰ দেশতে পুঁজি হস্তান্তৰৰ নিৰীক্ষণৰ সুবিধা প্ৰদান কৰা।
পি এম কিষাণ মোবাইল এপ্লিকেচন
পিএম-কিষাণ মোবাইল এপটো ২০২০ চনৰ ফেব্ৰুৱাৰীত মুকলি কৰা হৈছিল। অধিক স্বচ্ছতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি আৰু অধিক কৃষকৰ কাষ চাপিবলৈ ইয়াক বিকশিত কৰা হৈছে। পিএম-কিষাণ মোবাইল এপটোৱে পিএম-কিষাণ ৱেব প'ৰ্টেললৈ এটা সৰল আৰু দক্ষ সম্প্ৰসাৰণ প্ৰদান কৰে। এই মোবাইল এপটোৱে স্ব-পঞ্জীয়ন, লাভৰ স্থিতি অনুসৰণ আৰু মুখৰ প্ৰমাণীকৰণ-আধাৰিত ই-কেৱাইচিৰ দৰে সেৱা আগবঢ়ায়। ২০২৩ চনত এই এপটো অতিৰিক্ত 'চেহেৰা প্ৰমাণীকৰণ বৈশিষ্ট্য"ৰ সৈতে পুনৰ মুকলি কৰা হৈছিল। ইয়াৰ ফলত দূৰৱৰ্তী কৃষকসকলে অ’টিপি বা আঙুলিৰ ছাপ অবিহনে তেওঁলোকৰ মুখখন স্কেন কৰি ই-কেৱাইচি কৰিবলৈ সক্ষম হৈছিল। কৃষকসকলে তেওঁলোকৰ চুবুৰীয়া আন ১০০ জন কৃষককো তেওঁলোকৰ দুৱাৰমুখতে ই-কেৱাইচি সম্পূৰ্ণ কৰাত সহায় কৰিব পাৰে। ইয়াৰ উপৰি, ভাৰত চৰকাৰে কৃষকসকলৰ ই-কেৱাইচি সম্পূৰ্ণ কৰাৰ সুবিধা ৰাজ্য চৰকাৰৰ বিষয়াসকললৈ সম্প্ৰসাৰিত কৰিছে, যাৰ ফলত প্ৰতিজন বিষয়াই ৫০০জন কৃষকৰ বাবে ই-কেৱাইচি কৰিব পাৰিব।
সুবিধা কেন্দ্ৰ : সাধাৰণ সেৱা কেন্দ্ৰ আৰু ডাকঘৰ
নাম পঞ্জীয়নৰ সুবিধা আৰু বাধ্যতামূলক প্ৰয়োজনীয়তা পূৰণৰ বাবে ৫ লাখৰো অধিক কমন চাৰ্ভিচ চেণ্টাৰ (CSC) সংযোগ কৰা হৈছে। লগতে পি এম-কিষাণ আঁচনিৰ হিতাধিকাৰী কৃষকসকলৰ বাবে আধাৰৰ সৈতে মোবাইল নম্বৰ লিংক/আপডেট কৰাৰ সুবিধা ডাক বিভাগে প্ৰদান কৰে। ইণ্ডিয়া পোষ্ট পেমেণ্টছ বেংকৰ জৰিয়তে ই-কেৱাইচি সম্পূৰ্ণ কৰাৰ বাবে এই কাম কৰা হয়।
পিএম-কিষাণ AI চেটবোট : কিষাণ ই-মিত্ৰ
২০২৩ চনৰ ছেপ্টেম্বৰ মাহত পিএম-কিষাণ আঁচনিৰ বাবে কিষাণ ই-মিত্ৰ নামৰ এটা এ আই চেটবট মুকলি কৰা হৈছিল, যি কেন্দ্ৰীয় চৰকাৰৰ মুখ্য ধ্বজাবাহী আঁচনিৰ সৈতে একত্ৰিত প্ৰথম এআই চেটবট হৈ পৰিছিল। এআই চেটবটে কৃষকসকলক পৰিশোধ, পঞ্জীয়ন আৰু যোগ্যতা সম্পৰ্কে স্থানীয় ভাষাত তেওঁলোকৰ প্ৰশ্নৰ তাত্ক্ষণিক, স্পষ্ট আৰু সঠিক উত্তৰ প্ৰদান কৰে। EKStep ফাউণ্ডেশ্যন আৰু BHASHINৰ সমৰ্থনত ইয়াক বিকশিত আৰু উন্নত কৰা হৈছে। BHASHIN নামৰ এক ডিজিটেল ইণ্ডিয়া উদ্যোগৰ লক্ষ্য হৈছে ভাৰতীয় ভাষাসমূহত ইণ্টাৰনেট আৰু ডিজিটেল সেৱাসমূহৰ সহজ প্ৰৱেশাধিকাৰ, কণ্ঠস্বৰ ভিত্তিক প্ৰৱেশাধিকাৰকে ধৰি এই ভাষাসমূহত বিষয়বস্তু সৃষ্টিত সহায় কৰা। পিএম-কিষাণ অভিযোগ ব্যৱস্থাপনা প্ৰণালীত এআই চেটবটৰ আৰম্ভণিৰ লক্ষ্য হৈছে ব্যৱহাৰকাৰী-অনুকূল আৰু সুগম মঞ্চৰ জৰিয়তে কৃষকসকলক শক্তিশালী কৰা।

কিষাণ-ই মিত্ৰৰ কিছুমান বৈশিষ্ট্য তলত দিয়া হল :
- প্ৰযুক্তিগত আৰু ভাষাৰ বাধাসমূহ অতিক্ৰম কৰি ই হিন্দী, ইংৰাজী, বাংলা, ওডিয়া, মালয়ালম, গুজৰাটী, পাঞ্জাবী, তেলুগু, মাৰাঠী আৰু কানাড়াকে ধৰি ১১টা প্ৰধান আঞ্চলিক ভাষাত ২৪/৭ প্ৰৱেশৰ সুবিধা প্ৰদান কৰে।
- কৃষকসকলে তেওঁলোকৰ আবেদনৰ অৱস্থা পৰীক্ষা কৰিব পাৰে আৰু ধন পৰিশোধৰ সন্দৰ্ভত বিতং তথ্য লাভ কৰিব পাৰে।
- ভইচ ইনপুটৰ ভিত্তিত এই চেটবটে স্বয়ংক্ৰিয়ভাৱে ১১টা প্ৰধান ভাষা ধৰা পেলাব পাৰে। অন্য ভাষাৰ বাবে ব্যৱহাৰকাৰীয়ে প্ৰথমতে ভাষাটো নিৰ্বাচন কৰিব লাগিব; ভৱিষ্যতে স্বয়ংক্ৰিয় ভাষা ধৰা পেলোৱাৰ অন্তৰ্ভুক্তি সম্প্ৰসাৰিত কৰা হ’ব।
- ব্যৱহাৰকাৰীৰ প্ৰথম প্ৰশ্নৰ ভিত্তিত এই ব্যৱস্থাই স্বয়ংক্ৰিয়ভাৱে প্ৰাসংগিক প্ৰকল্পটো চিনাক্ত কৰিব, যাৰ ফলত কৃষকৰ বাবে প্ৰক্ৰিয়াটো সৰল হ’ব।
- এই AI bot বৃহৎ ভাষা মডেল (LLM)ৰ দ্বাৰা চালিত, যিয়ে chatbotৰ সঠিক, প্ৰসংগ-সংবেদনশীল উত্তৰ প্ৰদান কৰাৰ ক্ষমতা বৃদ্ধি কৰে।
- ২০২৫ চনৰ ১৫ জুলাইলৈকে কিষাণ-ই মিত্ৰই ৫৩ লাখ কৃষকৰ পৰা ৯৫ লাখৰো অধিক প্ৰশ্নৰ সমাধান কৰিছে।
প্ৰাথমিক কৃষি ঋণ সমিতি (PACS)ৰ সৈতে একত্ৰীকৰণ
প্ৰাথমিক কৃষি ঋণ সংস্থাসমূহৰ সৈতে একত্ৰীকৰণ চৰকাৰে এক উমৈহতীয়া উদ্যোগ সম্পদ পৰিকল্পনা (ERP) মঞ্চ প্ৰদান কৰি পি এম-কিষাণ আঁচনি আৰু আন কেইবাখনো কেন্দ্ৰীয় আঁচনিৰ সৈতে প্ৰাথমিক কৃষি ঋণ সমিতিসমূহ (PACS) একত্ৰিত কৰিছে। ইয়াৰ ভিতৰত প্ৰধানমন্ত্ৰী কিষাণ সমৃদ্ধি কেন্দ্ৰ (PMKSK), কমন চাৰ্ভিচ চেণ্টাৰ (CSC), প্ৰধানমন্ত্ৰী ভাৰতীয় জনৌষাধি কেন্দ্ৰ (PMBJK), ইন্ধন খুচুৰা বিপণী, লিকুইফাইড পেট্ৰলিয়াম গেছ (LPG) বিতৰণ সংস্থা, গ্ৰাম্য পানী যোগান ব্যৱস্থাৰ অপাৰেচন এণ্ড মেইণ্টেনেন্স (O&M), আৰু কৃষক উৎপাদন সংস্থা (FPO) গঠন আদিৰ সৈতে সংযোগ। এই পদক্ষেপসমূহে পেকছৰ কাৰ্য্যকলাপসমূহৰ বৈচিত্ৰ্য বৃদ্ধি কৰিছে আৰু অডিট স্বচ্ছতা, উন্নত শাসন নিয়ম আৰু আৰ্হি উপ-বিধিৰ অধীনত অনুমোদিত অৰ্থনৈতিক কাৰ্য্যকলাপ সম্প্ৰসাৰণৰ জৰিয়তে তেওঁলোকৰ বিত্তীয় বহনক্ষমতা শক্তিশালী কৰিছে।
কৃষক পঞ্জীয়ন সৃষ্টি
পি এম-কিষাণ আঁচনিৰ অধীনত কৃষকৰ বাবে অন্তিম মাইলৰ পৰিসৰ নিশ্চিত কৰাটো সৰ্বাধিক গুৰুত্বপূৰ্ণ হৈ আহিছে। ইয়াৰ সমান্তৰালভাৱে কৃষি মন্ত্ৰালয়ে কৃষক পঞ্জীয়নেৰে এক নতুন পদক্ষেপ হাতত লৈছে। এই সুসংগঠিত আৰু সযতনে পৰীক্ষিত তথ্যকোষে কৃষকসকলে সমাজ কল্যাণৰ সুবিধা লাভৰ বাবে বিৰক্তিকৰ প্ৰক্ৰিয়াৰ মাজেৰে যোৱাৰ প্ৰয়োজনীয়তা নাইকিয়া কৰিব। কৃষক পঞ্জীয়ন স্থাপনৰ পূৰ্বে কৃষকৰ বাবে সমাজ কল্যাণমূলক আঁচনিৰ সুবিধা লাভ কৰাটো সময়সাপেক্ষ আছিল। এতিয়া পঞ্জীয়ন আৰম্ভ হোৱাৰ লগে লগে কৃষকসকলে নিৰৱচ্ছিন্নভাৱে আৰু কোনো ধৰণৰ হেঁচা নোহোৱাকৈ এই সুবিধাসমূহ লাভ কৰিবলৈ সক্ষম হ’ব।
সামৰণি
পিএম-কিষাণ হৈছে লাখ লাখ কৃষকক তাৎক্ষণিক, স্বচ্ছ আৰু মৰ্যাদাপূৰ্ণ সাহায্য প্ৰদান কৰা গ্ৰাম্য সাহায্যৰ মূল শিলাস্তম্ভ। ইয়াৰ শক্তিশালী ডিজিটেল মেৰুদণ্ড আৰু ই-কেৱাইচি, ফাৰ্মাৰ ৰেজিষ্ট্ৰী, আৰু এআই-আধাৰিত সেৱাৰ দৰে অবিৰত উন্নয়নসমূহে এক অধিক দক্ষ আৰু অন্তৰ্ভুক্তিমূলক ব্যৱস্থা গঢ়ি তুলিছে।
বিকশিত ভাৰতৰ দিশে আগবাঢ়ি যোৱাৰ লগে লগে অগ্ৰাধিকাৰ হৈছে পৰিসৰ গভীৰ, অন্তিম মাইল ডেলিভাৰী শক্তিশালী আৰু প্ৰতিজন যোগ্য কৃষকে যাতে কোনো বাধা নোহোৱাকৈ লাভান্বিত হয় সেয়া নিশ্চিত কৰা। তাৰো আগলৈ পিএম-কিষাণ গ্ৰাম্য স্থিতিস্থাপকতাৰ এক গুৰুত্বপূৰ্ণ চালক আৰু ভাৰতৰ কৃষক সম্প্ৰদায়ৰ বাবে অধিক সুৰক্ষিত আৰু সমৃদ্ধিশালী ভৱিষ্যত্ গঢ়ি তোলাৰ এক মূল সঁজুলি হৈ থাকিব।
সমল:
Ministry of Agriculture & Farmers Welfare
https://www.pmkisan.gov.in/
https://www.pib.gov.in/PressReleseDetail.aspx?PRID=2190074
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2171684
https://www.myscheme.gov.in/schemes/pm-kisan
https://www.pib.gov.in/PressNoteDetails.aspx?NoteId=154960&ModuleId=3
https://sansad.in/getFile/annex/268/AU1464_CSuYc2.pdf?source=pqars
https://sansad.in/getFile/annex/266/AU1302_YaVIcH.pdf?source=pqars
https://sansad.in/getFile/loksabhaquestions/annex/185/AU4344_Bfiq4m.pdf?source=pqals
https://sansad.in/getFile/loksabhaquestions/annex/185/AU2707_9wqkqP.pdf?source=pqals
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2105462
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2061928
https://www.pib.gov.in/PressReleaseIframePage.aspx?PRID=1947889
https://www.pib.gov.in/PressReleaseIframePage.aspx?PRID=1934517
https://www.pib.gov.in/PressReleaseIframePage.aspx?PRID=1959461
Special Service and Features
https://www.pib.gov.in/PressReleasePage.aspx?PRID=1869463
***
DPS/KD
(Backgrounder ID: 156175)
Visitor Counter : 4
Provide suggestions / comments