Technology
ডিজিটেল ভাৰতত চাইবাৰ জালিয়াতি নিয়ন্ত্ৰণ
Posted On:
08 OCT 2025 12:01PM
“মই সপোন দেখিছোঁ এনে এখন ডিজিটেল ভাৰতৰ য’ত চাইবাৰ নিৰাপত্তা, আমাৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ এক অবিচ্ছেদ্য অংগ হৈ পৰিব।”
- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
মূখ্য তথ্য
- ৮৬ শতাংশতকৈও অধিক পৰিয়াল এতিয়া ইণ্টাৰনেটৰ সৈতে সংযুক্ত।
- ভাৰতত চাইবাৰ সুৰক্ষাৰ ঘটনা ২০২২ চনত ১০.২৯ লাখৰ পৰা ২০২৪ চনত ২২.৬৮ লাখলৈ বৃদ্ধি পাইছে।
- কেন্দ্ৰীয় বাজেট ২০২৫-২০২৬ ত চাইবাৰ সুৰক্ষা প্ৰকল্পৰ বাবে ₹৭৮২ কোটি আবণ্টন কৰা হৈছে।
- চাইবাৰ জালিয়াতিৰ সৈতে জড়িত ৯. ৪২ লাখৰো অধিক ছিম কাৰ্ড আৰু ২,৬৩,৩৪৮ আই. এম. ই. আই. বন্ধ কৰা হৈছে।
- ১৯৩০ হেল্পলাইনৰ জৰিয়তে তাৎক্ষণিক চাইবাৰ সুৰক্ষা সহায় প্ৰদান কৰাৰ ব্যৱস্থা কৰা হৈছে।
পাতনি
ভাৰতত পূৰ্বতকৈ চাইবাৰ জগতত প্ৰতিদিনে কোটি কোটি লেনদেন আৰু মত বিনিময় বৃদ্ধি পাইছে। ৮৬ শতাংশতকৈও অধিক পৰিয়াল এতিয়া ইণ্টাৰনেটৰ সৈতে সংযুক্ত, যিয়ে ডিজিটেল ভাৰত পদক্ষেপৰ অধীনত উল্লেখযোগ্য অগ্ৰগতি প্ৰতিফলিত কৰে। সম্প্ৰসাৰিত ডিজিটেল সেৱাৰ বলত নাগৰিকসকলে তেওঁলোকৰ আঙুলিৰ মূৰত ডিজিটেল সুবিধাসমূহ লাভ কৰিবলৈ সক্ষম হৈছে। একে সময়তে, চাইবাৰ প্ৰতাৰণাৰ বাবে আক্ৰমণৰ পৃষ্ঠও বহল হৈ পৰিছে, যাৰ ফলত চাইবাৰ সুৰক্ষাক ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰ প্ৰদান কৰা হৈছে।
ডিজিটেল প্লেটফৰ্মৰ জৰিয়তে কৰা প্ৰতাৰণামূলক কাৰ্যকলাপ যেনে অননুমোদিত প্ৰৱেশাধিকাৰ, তথ্য চুৰি, বা ভুক্তভোগীসকলৰ বিত্তীয় ক্ষতি কৰাৰ উদ্দেশ্যে কৰা অনলাইন কেলেংকাৰী আদিক চাইবাৰ প্ৰতাৰণা বুলি ক’ব পৰা যায় ।
চাইবাৰ সুৰক্ষাৰ ঘটনা ২০২২ চনত ১০.২৯ লাখৰ পৰা ২০২৪ চনত ২২.৬৮ লাখলৈ বৃদ্ধি হোৱাটোৱে ভাৰতত ডিজিটেল ভাবুকিৰ বৰ্ধিত পৰিসৰ আৰু জটিলতাক প্ৰতিফলিত কৰে। একে সময়তে, বিত্তীয় ক্ষতিৰ সংখ্যাও বৃদ্ধি পোৱাটো স্পষ্ট হৈ পৰিছে। ৰাষ্ট্ৰীয় চাইবাৰ ক্ৰাইম ৰিপৰ্টিং প 'ৰ্টেলত (এনচিআৰপি) ২৮ ফেব্ৰুৱাৰী ২০২৫ লৈকে ₹৩৬.৪৫ লাখৰ চাইবাৰ জালিয়াতিৰ খবৰ পোৱা গৈছে। যদিও সংখ্যাবোৰে বৰ্ধিত প্ৰত্যাহ্বানৰ ফালে আঙুলিয়াই দিয়ে, কিন্তু একেসময়তে চিনাক্তকৰণ আৰু প্ৰতিবেদন প্ৰণালীত উল্লেখযোগ্য অগ্ৰগতিৰ ওপৰতো আলোকপাত কৰে।

চাইবাৰ জালিয়াতিৰ আৰ্হিসমূহ
চাইবাৰ জালিয়াতি কেৱল এটা পদ্ধতিৰ ভিতৰত সীমাবদ্ধ নহয়, বৰং নতুন প্ৰযুক্তি আৰু ব্যৱহাৰকাৰীৰ আচৰণৰ সৈতে খাপ খোৱাকৈ বিভিন্ন ৰূপ লয়। প্ৰতিৰোধমূলক ব্যৱস্থাসমূহ সক্ষম কৰি তুলিবলৈ এইবোৰ চিনাক্ত কৰি উলিওৱাটো অতি গুৰুত্বপূৰ্ণ। প্ৰায়ে দক্ষিণ-পূব এছিয়াৰ জালিয়াতিৰ নেটৱৰ্কৰ সৈতে জড়িত আৰ্থিক প্ৰৱঞ্চকবোৰৰ বিশ্বব্যাপী প্ৰসাৰ আৰু ইয়াৰ লগত জড়িত সংগঠিত অপৰাধে আজি বিশ্ববাসীক স্তম্ভিত কৰি তুলিছে।

উদীয়মান চাইবাৰ ভাবুকি
একাধিক প্ৰতাৰণাৰ প্ৰতিবেদনত দেখা পোৱা গৈছে যে অপৰাধীয়ে স্পুফিং অৰ্থাৎ বিশ্বাসযোগ্য উৎসৰ দৰে কাম কৰাৰ কৌশল ব্যৱহাৰ কৰে। একেদৰে, ডিপফেকৰ বাবে কৃত্ৰিম বুদ্ধিমত্তা আৰু ফিছিং ব্যৱহাৰ কৰি প্ৰৱঞ্চনামূলক ইমেইল বা বাৰ্তাৰ জৰিয়তে ভুক্তভোগীৰ পৰা সংবেদনশীল তথ্য প্ৰকাশ কৰিবলৈ প্ৰলোভিত কৰাৰ সংখ্যা আৰু প্ৰভাৱ বৃদ্ধি পাইছে।
ভাৰতৰ আটাইতকৈ পছন্দৰ ডিজিটেল ধন প্ৰেৰণৰ ব্যৱস্থা ইউনিফাইড পেমেণ্ট ইণ্টাৰফেচ (ইউ. পি. আই.)-কো প্ৰবঞ্চনামূলক মোবাইল নম্বৰ ব্যৱহাৰ কৰি প্ৰতাৰকসকলে লক্ষ্য কৰি লৈছে। এই সমস্যাৰ সমাধান কৰিবলৈ, দূৰসংযোগ বিভাগে (ডি. ও. টি.) বিত্তীয় জালিয়াতি বিপদাশংকা সূচক (এফ. আৰ. আই.) আৰম্ভ কৰিছিল, যি সন্দেহজনক সংখ্যাবোৰক মধ্যমীয়া, উচ্চ, বা অতি উচ্চ-বিপদাশংকা হিচাপে শ্ৰেণীবদ্ধ কৰে।
চাইবাৰ জালিয়াতিৰ বিৰুদ্ধে ভাৰতৰ যুঁজ শক্তিশালী কৰিবলৈ, অনলাইন ক্ৰীড়া প্ৰচাৰ আৰু নিয়ন্ত্ৰণ বিধেয়ক, ২০২৫খন ২১ আগষ্ট ২০২৫ চনত গৃহীত কৰা হৈছিল। যদিও এই আইনখন ই-ক্ৰীড়া আৰু সামাজিক অনলাইন ক্ৰীড়াক উৎসাহিত কৰাৰ বাবে প্ৰস্তুত কৰা হৈছে, কিন্তু আনহাতে ইয়াৰ প্ৰচাৰ, বিজ্ঞাপন আৰু বিত্তীয় লেনদেনকে ধৰি অনলাইন মানি গেইমৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰা হৈছে।
অবৈধ ডিজিটেল উদ্যোগবোৰ অনলাইন জুৱা এপৰ ৰূপতো উদ্ভৱ হৈছে। ব্যৱহাৰকাৰীসকলক বৃহৎ লাভৰ ভুৱা প্ৰতিশ্ৰুতিৰে এনে খেল খেলিবলৈ তেওঁলোকৰ অনলাইন ৱালেটত পুঁজি জমা কৰিবলৈ প্ৰলোভিত কৰি ৪০০ কোটি টকাৰো অধিক অপৰাধৰ পথেৰে উপাৰ্জন কৰে।
ভাৰতৰ চাইবাৰ সুৰক্ষা পৰিকাঠাম
ভাৰত চৰকাৰে নিজৰ বিশাল অনলাইন সম্প্ৰদায়ক সুৰক্ষিত কৰাৰ লক্ষ্যৰে শক্তিশালী প্ৰতিৰক্ষা ব্যৱস্থা ৰূপায়ণ কৰিছে। ভাৰতীয়সকলে ব্যৱসায়িক লেনদেন, শিক্ষা, বিত্তীয় কাৰ্যকলাপ, আৰু চৰকাৰী সেৱাসমূহৰ ডিজিটেল অতি অত্যাৱশ্যকীয় প্ৰয়োজনীয়তাসমূহৰ বাবে নিজৰ দৈনন্দিন জীৱনত ইণ্টাৰনেটক ক্ৰমান্বয়ে একত্ৰিত কৰিছে। এতিয়া চাইট্ৰেইন পৰ্টেলত ১০৫,৭৯৬ জনতকৈ অধিক আৰক্ষী বিষয়া পঞ্জীয়ন কৰা হৈছে, ৮২,৭০৪ টাতকৈও অধিক প্ৰমাণপত্ৰ প্ৰদান কৰা হৈছে, যাৰ ফলত দেশৰ ফ্ৰন্টলাইন কৰ্মীসকলক চাইবাৰ অপৰাধ তদন্তৰ অত্যাৱশ্যকীয় দক্ষতাৰে সজ্জিত কৰা হৈছে।
চাইবাৰ ক্ষেত্ৰখন সুৰক্ষিত কৰা চাইবাৰ আইনসমূহ
নিৰাপদ ডিজিটেল পৰিৱেশৰ গুৰুত্বক স্বীকাৰ কৰি ভাৰতৰ চাইবাৰ সুৰক্ষাৰ কাঠামো মূল আইনসমূহৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে, বিশেষকৈ:
তথ্য প্ৰযুক্তি আইন, ২০০০ ভাৰতৰ চাইবাৰ আইন কাঠামোৰ ভেটি হিচাপে কাম কৰে। ইয়াৰ দ্বাৰা পৰিচয় চুৰি, ছদ্মবেশ, কম্পিউটাৰৰ জৰিয়তে ছদ্মবেশে ধৰি প্ৰৱঞ্চনা আৰু অশ্লীল বা ক্ষতিকাৰক তথ্য প্ৰচাৰ ৰোধ কৰা হয়। আৰ্থিক লাভৰ বাবে ডিজিটেল প্লেটফৰ্ম ব্যৱহাৰ কৰা প্ৰৱঞ্চকসকলৰ বিৰুদ্ধে গোচৰ চলাবলৈ এই বিধানসমূহ অতি গুৰুত্বপূৰ্ণ। লগতে এই আইনে কৰ্তৃপক্ষক এনেকুৱা ক্ষতিকাৰক ৱেবছাইট আৰু প্ৰৱঞ্চনামূলক এপ্লিকেচনসমূহ ব্লক কৰিবলৈও ক্ষমতা প্ৰদান কৰে।
তথ্য প্ৰযুক্তি (মধ্যস্থতাকাৰী নিৰ্দেশনা আৰু ডিজিটেল মিডিয়া নৈতিকতা সংহিতা) নিয়ম, ২০২১-য়ে সামাজিক মাধ্যমত মধ্যস্থতাকাৰী, ডিজিটেল প্লেটফৰ্ম, আৰু অনলাইন বজাৰৰ জবাবদিহিতা নিশ্চিত কৰে। এই নিয়মে কৃত্ৰিম বুদ্ধিমত্তাকে ধৰি প্ৰযুক্তিসমূহৰ বৰ্দ্ধিত অপব্যৱহাৰক ৰোধ কৰে আৰু প্লেটফৰ্মসমূহৰ পৰা অবৈধ বিষয়বস্তু আঁতৰোৱাটো বাধ্যতামূলক কৰে।
ডিজিটেল ব্যক্তিগত তথ্য সুৰক্ষা আইন, ২০২৩: সকলো ব্যক্তিগত তথ্য আইনগতভাৱে আৰু ব্যৱহাৰকাৰীৰ সন্মতি সাপেক্ষে সুৰক্ষিত কৰাটো বাধ্যতামূলক। ইয়াৰ ফলত ভাৰতৰ ডিজিটেল পৰিৱেশ অধিক সুৰক্ষিত আৰু সকলোৰে বাবে অধিক জবাবদিহি হ’ব। এই আইনখনে ডাটা ফিডুচিয়াৰীৰ ওপৰত কঠোৰ বাধ্যবাধকতা আৰোপ কৰে যাতে অকৰ্তৃত্বশীল প্ৰৱেশ বা অপব্যৱহাৰৰ আশংকা কম কৰিবলৈ সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰা হয়। এতিয়ালৈকে প্ৰৱঞ্চনামূলক কাৰ্যকলাপৰ সৈতে জড়িত ৯.৪২ লাখৰো অধিক চিম কাৰ্ড আৰু ২,৬৩,৩৪৮খন আইএমইআই (আন্তঃৰাষ্ট্ৰীয় মোবাইল সঁজুলি পৰিচয়) ৰোধ কৰা হৈছে।

চাইবাৰ ঘটনাবোৰৰ বাবে জবাবদিহিতা
ইণ্ডিয়ান কম্পিউটাৰ জৰুৰীকালীন সঁহাৰি দল (চিইআৰটি-ইন) হৈছে চাইবাৰ সুৰক্ষাৰ ঘটনাৰ প্ৰতি সঁহাৰি জনোৱা ৰাষ্ট্ৰীয় সংস্থা। ই চাইবাৰ ভাবুকি নিৰীক্ষণ কৰে, দুৰ্বলতাবোৰ চিনাক্ত কৰে আৰু প্ৰয়োজনীয় পৰামৰ্শ জাৰি কৰে। তথ্য উলংঘন, ফিছিং অভিযান, বা ম্যালৱেৰ প্ৰৱেশৰ দৰে ঘটনা চিনাক্ত কৰাৰ পিছত, চিইআৰটি-ইনে সতৰ্কবাণী প্ৰচাৰ কৰে আৰু প্ৰভাৱিত সংস্থাসমূহলৈ প্ৰতিকাৰমূলক ব্যৱস্থাৰ পৰামৰ্শ দিয়ে। এই সক্ৰিয় ব্যৱস্থাই বিপদাশংকাৰ সময়োপযোগী নিয়ন্ত্ৰণ নিশ্চিত কৰে আৰু চৰকাৰ, উদ্যোগ আৰু গুৰুত্বপূৰ্ণ সেৱা প্ৰদানকাৰীসকলৰ মাজত স্থিতিস্থাপকতা বৃদ্ধি কৰে। ২০২৫ চনৰ মাৰ্চ মাহলৈকে চিইআৰটি-ইনে ১০৯টা চাইবাৰ সুৰক্ষা মক ড্ৰিলৰ সুবিধা প্ৰদান কৰিছিল, তথা বিভিন্ন ৰাজ্য আৰু খণ্ডৰ ১,৪৩৮টা সংস্থাক চাইবাৰ প্ৰস্তুতিৰ মূল্যায়ন কৰিবলৈ আৰু স্থিতিস্থাপকতা গঢ়ি তুলিবলৈ নিয়োজিত কৰিছিল।
গুৰুত্বপূৰ্ণ আন্তঃগাঁথনিৰ সুৰক্ষা:
তথ্য প্ৰযুক্তি আইন, ২০০০ৰ ধাৰা ৭০এ-ৰ অধীনত মনোনীত ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ তথ্য আন্তঃগাঁথনি সুৰক্ষা কেন্দ্ৰ (এন. চি. আই. আই. পি. চি.) হৈছে ভাৰতৰ গুৰুত্বপূৰ্ণ তথ্য আন্তঃগাঁথনিৰ সুৰক্ষাৰ বাবে ৰাষ্ট্ৰীয় নোডাল সংস্থা। ই ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু ৰাজহুৱা সুৰক্ষাৰ বাবে গুৰুত্বপূৰ্ণ বেংকিং, টেলিকম, শক্তি আৰু পৰিবহণৰ দৰে খণ্ডৰ অংশীদাৰসকলৰ সৈতে নিকটভাৱে কাম কৰে। নিৰন্তৰ নিৰীক্ষণ, বিপদাশংকা মূল্যায়ন, আৰু খণ্ড-নিৰ্দিষ্ট নিৰ্দেশনা জাৰি কৰাৰ জৰিয়তে, এন. চি. আই. আই. পি. চি.-য়ে প্ৰতিৰক্ষামূলক সামৰ্থ্য শক্তিশালী কৰে আৰু বিপদ হ্ৰাস কৰে, যি অন্যথা অত্যাৱশ্যকীয় সেৱাসমূহৰ সৈতে আপোচ কৰিব পাৰে।চ
আইন প্ৰয়োগকাৰী ক্ষমতা শক্তিশালী কৰা
গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনত স্থাপিত ভাৰতীয় চাইবাৰ অপৰাধ সমন্বয় কেন্দ্ৰই (আই ৪ চি) আইন প্ৰয়োগকাৰী সংস্থাসমূহক সংগঠিত আৰু সমন্বিত পদ্ধতিৰে চাইবাৰ অপৰাধৰ বিৰুদ্ধে যুঁজিবলৈ সক্ষম কৰিবলৈ এক বিস্তৃত কাঠামো প্ৰদান কৰে। ই বিশেষ প্ৰশিক্ষণ কাৰ্যসূচী, গৱেষণা, আৰু কাৰিকৰী সঁজুলিৰ বিকাশৰ জৰিয়তে সামৰ্থ্য বিকাশত সহায় কৰে। ইয়াৰ উপৰিও ই বাস্তৱ সময়ৰ তথ্য বিনিময় আৰু সমন্বিত তদন্তৰ সুবিধা প্ৰদান কৰে, যাৰ ফলত বিত্তীয় জালিয়াতি আৰু অন্যান্য সংগঠিত চাইবাৰ অপৰাধৰ সৈতে জড়িত চাইবাৰ অপৰাধমূলক নেটৱৰ্কৰ বিৰুদ্ধে ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ সম্ভৱ হয়। আজিলৈকে আই৪চিৰ জৰিয়তে চাইবাৰ জালিয়াতিৰ সৈতে জড়িত ৩,৯৬২টা স্কাইপ আইডি আৰু ৮৩,৬৬৮টা হোৱাটছএপ একাউণ্ট সক্ৰিয়ভাৱে বন্ধ কৰা হৈছে।
চাইবাৰ সুৰক্ষা পদক্ষেপ: কাৰ্যত শাসন
ভাৰতৰ চাইবাৰ সুৰক্ষা শক্তিশালী কৰাৰ প্ৰয়াসত কেন্দ্ৰীয় বাজেট ২০২৫ত চাইবাৰ সুৰক্ষা প্ৰকল্পৰ বাবে ₹৭৮২ কোটি আবণ্টন দিয়া হৈছে। এই উল্লেখযোগ্য পদক্ষেপে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা চাইবাৰ ভাবুকিৰ ওপৰত চৰকাৰৰ অধিক মনোনিৱেশক উজ্জ্বল কৰি তুলিছে। চিটিজেন ফাইনেন্সিয়েল চাইবাৰ ফ্ৰড ৰিপ’ৰ্ট এণ্ড মেনেজমেণ্ট চিষ্টেম (চিএফচিএফআৰএমএছ)ৰ জৰিয়তে বিত্তীয় প্ৰতিষ্ঠানসমূহে ১৭.৮২ লাখৰো অধিক অভিযোগত ৫,৪৮৯ কোটি টকাৰো অধিক ধন সঞ্চয় কৰিবলৈ সক্ষম হৈছে।
ৰাষ্ট্ৰীয় চাইবাৰ অপৰাধ প্ৰতিবেদন পৰ্টেল
চাইবাৰ অপৰাধৰ বিৰুদ্ধে যুঁজত নাগৰিকৰ অংশগ্ৰহণ শক্তিশালী কৰিবলৈ চৰকাৰে ৰাষ্ট্ৰীয় চাইবাৰ অপৰাধ প্ৰতিবেদন পৰ্টেল (www.cybercrime.gov.in) আৰম্ভ কৰিছে। এই পৰ্টেলৰ জৰিয়তে নাগৰিকে বিভিন্ন শ্ৰেণীৰ চাইবাৰ অপৰাধৰ সৈতে জড়িত অভিযোগৰ ৰিপৰ্ট দিব পাৰে, য’ত বিশেষকৈ মহিলা আৰু শিশুক লক্ষ্য কৰি লোৱা অপৰাধৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হয়। চাইবাৰ অপৰাধ হেল্প লাইন নম্বৰ ১৯৩০-ৰ জৰিয়তে অনলাইন বিত্তীয় জালিয়াতিৰ বলি হোৱা লোকসকলক তৎকালীনভাৱে প্ৰতিবেদন দিয়াৰ সুবিধা প্ৰদান কৰে আৰু সম্ভৱ হ’লে প্ৰৱঞ্চনামূলক লেনদেন বন্ধ কৰি দিয়াৰ সুবিধা দিয়ে। এই পদক্ষেপসমূহে নাগৰিকসকলৰ বাবে এক সুলভ আৰু সুবিধাজনক অভিযোগ নিষ্পত্তিৰ ব্যৱস্থা হিচাপে সহায় কৰে।
আন্তঃবিষয়ক চাইবাৰ-ভৌতিক ব্যৱস্থাৰ ৰাষ্ট্ৰীয় অভিযান (এনএম-আইচিপিএছ)
চাইবাৰ সুৰক্ষা, কৃত্ৰিম বুদ্ধিমত্তা আদিৰ ক্ষেত্ৰত উন্নত গৱেষণা আৰু উদ্ভাৱনৰ প্ৰচাৰৰ জৰিয়তে চাইবাৰ জালিয়াতিৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত এনএম-আইচিপিএছ-য়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ভাবুকি চিনাক্তকৰণৰ বাবে সমল, মঞ্চ আৰু পদ্ধতিৰ বিকাশক সমৰ্থন কৰি এই অভিযানে ব্যক্তি, ব্যৱসায় আৰু গুৰুত্বপূৰ্ণ আন্তঃগাঁথনিক লক্ষ্য কৰি লোৱা চাইবাৰ জালিয়াতি চিনাক্ত আৰু প্ৰতিৰোধ কৰাৰ ভাৰতৰ ক্ষমতাক শক্তিশালী কৰে। এনএম-আইচিপিএছ-ৰ অধীনত শৈক্ষিক প্ৰতিষ্ঠান, উদ্যোগ আৰু চৰকাৰৰ মাজত সহযোগিতাই আৰ্থিক জালিয়াতি, ফিছিং আৰু পৰিচয়-আধাৰিত অপৰাধকে ধৰি বৰ্ধিত আৰু অত্যাধুনিক চাইবাৰ ভাবুকিৰ সমাধানকো ত্বৰান্বিত কৰে।
মহিলা আৰু শিশুৰ বিৰুদ্ধে চাইবাৰ অপৰাধ প্ৰতিৰোধ (CCPWC) আঁচনি
চিচিপিডব্লিউচি আঁচনিখনে দুৰ্বল শ্ৰেণী, বিশেষকৈ মহিলা আৰু শিশুসকলক লক্ষ্য কৰি লোৱা চাইবাৰ জালিয়াতিৰ সমাধান দিয়ে। ₹১৩২.৯৩ কোটিৰ আৰ্থিক সাহায্যৰে এই আঁচনিখনে ৩৩খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত চাইবাৰ ফৰেনছিক তথা প্ৰশিক্ষণ পৰীক্ষাগাৰ স্থাপন কৰিছে। এই পৰীক্ষাগাৰসমূহে চাইবাৰ অপৰাধৰ তদন্ত, ডিজিটেল ফৰেনছিক, আৰু প্ৰতিৰোধমূলক ব্যৱস্থাৰ ওপৰত ২৪,৬০০ৰো অধিক কৰ্মীক প্ৰশিক্ষণ প্ৰদান কৰিছে। সজাগতা বৃদ্ধি, আগতীয়া চিনাক্তকৰণ, আৰু দ্ৰুত সঁহাৰিৰ ক্ষমতাৰ জৰিয়তে চিচিপিডব্লিউচিয়ে এক নিৰাপদ ডিজিটেল পৰিৱেশ নিশ্চিত কৰি অনলাইন জালিয়াতি, কেলেংকাৰী আৰু মহিলা আৰু শিশুৰ শোষণ প্ৰতিৰোধ কৰিবলৈ আইন প্ৰৱৰ্তনৰ ক্ষমতাক শক্তিশালী কৰে।
চাইবাৰ সংকট ব্যৱস্থাপনা পৰিকল্পনা (চিচিএমপি)
চাইবাৰ আক্ৰমণ আৰু চাইবাৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে প্ৰস্তুতি শক্তিশালী কৰিবলৈ চৰকাৰে সকলো চৰকাৰী সংস্থাৰ বাবে চাইবাৰ সংকট ব্যৱস্থাপনা পৰিকল্পনা আৰম্ভ কৰিছে। এই পৰিকল্পনাই যিকোনো চাইবাৰ সংকটৰ পৰা সামগ্ৰিক উদ্ধাৰ নিশ্চিত কৰাৰ বাবে এক কৌশলগত পৰিকাঠামো হিচাপে কাম কৰে। এই পৰিকাঠামোৰ অধীনত ক্ষমতা আৰু সজাগতা সৃষ্টিৰ বাবে এতিয়ালৈকে সমগ্ৰ দেশতে ২০৫ টা কৰ্মশালা অনুষ্ঠিত কৰা হৈছে।
সমন্বয় মঞ্চ
সমন্বয় মঞ্চই অপৰাধী আৰু অপৰাধৰ বিশ্লেষণ ভিত্তিক আন্তঃৰাজ্যিক সংযোগ প্ৰদান কৰি চাইবাৰ জালিয়াতিৰ তদন্তক শক্তিশালী কৰে। ইয়াৰ "প্ৰতিবিম্ব" মডিউলে অপৰাধী আৰু অপৰাধৰ আন্তঃগাঁথনিৰ অৱস্থান মেপ কৰে, কৰ্তৃপক্ষক কাৰ্য্যকৰী তথ্য প্ৰদান কৰে। আজিলৈকে ইয়াৰ ফলত ১২,৯৮৭ জনক গ্ৰেপ্তাৰ, ১৫১,৯৮৪ টা অপৰাধমূলক কাৰ্যৰ সৈতে সংযোগ, আৰু ৭০,৫৮৪ টা চাইবাৰ তদন্তৰ বাবে সহায় অনুৰোধ কৰা হৈছে, যাৰ ফলত সংগঠিত চাইবাৰ জালিয়াতিৰ নেটৱৰ্ক ফলপ্ৰসূভাৱে ভাঙি পেলোৱা হৈছে।
সহযোগ প’ৰ্টেল
সহযোগ প 'ৰ্টেলে বেআইনী অনলাইন বিষয়বস্তুৰ সমাধানৰ বাবে এক কেন্দ্ৰীভূত মঞ্চ প্ৰদান কৰে। ই চাইবাৰ স্পেচত প্ৰচাৰিত ক্ষতিকাৰক সমলৰ বিৰুদ্ধে দ্ৰুত ব্যৱস্থা নিশ্চিত কৰি মধ্যস্থতাকাৰীসকলক স্বয়ংক্ৰিয়ভাৱে সমলবোৰ আঁতৰোৱাৰ জাননী জাৰি কৰিবলৈ সক্ষম। ই সমগ্ৰ ভাৰতৰ সকলো অনুমোদিত সংস্থাক একক আন্তঃপৃষ্ঠত একত্ৰিত কৰে, যাৰ ফলত সময়মতে বেআইনী সমলৰ প্ৰতি কাৰ্যকৰীভাৱে সঁহাৰি জনোৱাৰ ক্ষেত্ৰত চৰকাৰৰ ক্ষমতাক শক্তিশালী কৰে।
চাইবাৰ সুৰক্ষা অনুশীলন
ভাৰতৰ চাইবাৰ স্থিতিস্থাপকতা শক্তিশালী কৰাৰ বাবে ভাৰতৰ দায়বদ্ধতাক পুনৰ দৃঢ় কৰি ২১ জুলাইৰ পৰা ১ আগষ্টলৈ ভাৰত ৰাষ্ট্ৰীয় চাইবাৰ সুৰক্ষা অনুশীলন ২০২৫ অনুষ্ঠিত হৈছিল। এই অনুশীলনে চাইবাৰ সুৰক্ষা পেছাদাৰী, নিয়ন্ত্ৰক আৰু নীতি নিৰ্ধাৰককে ধৰি ৬০০ৰো অধিক অংশগ্ৰহণকাৰীক একত্ৰিত কৰিছিল। এই অনুশীলনৰ বিশেষত্ব আছিল ষ্ট্ৰেটেক্স, যি বাস্তৱ সময়ত আন্তঃ-সংস্থা সমন্বয় আৰু সিদ্ধান্ত গ্ৰহণ পৰীক্ষা কৰাৰ বাবে ডিজাইন কৰা এক চিমুলেটেড ৰাষ্ট্ৰীয় চাইবাৰ উলংঘন।
ইণ্ডিয়া মোবাইল কংগ্ৰেছ ২০২৫ত চাইবাৰ সুৰক্ষা সম্পৰ্কে চিন্তা-চৰ্চা
নৱম ইণ্ডিয়া মোবাইল কংগ্ৰেছত চাইবাৰ সুৰক্ষা অন্যতম মূল কেন্দ্ৰবিন্দু। ইয়াৰ দ্বাৰা ডিজিটেল নেটৱৰ্ক আৰু উদীয়মান প্ৰযুক্তিসমূহক চাইবাৰ ভাবুকিৰ পৰা সুৰক্ষিত কৰাৰ বাবে ভাৰতৰ প্ৰচেষ্টাক চিহ্নিত কৰি তুলিছে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৮-১১ অক্টোবৰত নতুন দিল্লীৰ যশোভূমিত "পৰিৱৰ্তনৰ বাবে উদ্ভাৱন" শীৰ্ষক বিষয়ত আইএমচি ২০২৫ উদ্বোধন কৰিব।
আইএমচি ২০২৫ত চাইবাৰ ছিকিউৰিটি শীৰ্ষ সন্মিলন আৰু ইণ্ডিয়া ৬জি চিম্পোজিয়ামকে ধৰি ছটা বিশ্ব সন্মিলন অনুষ্ঠিত হ’ব। এই সন্মিলনসমূহত পৰৱৰ্তী প্ৰজন্মৰ ডিজিটেল প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰতৰ ক্ৰমবৰ্ধমান নেতৃত্ব প্ৰদৰ্শন হ’ব। বিশেষ গুৰুত্ব আৰোপ কৰা ক্ষেত্ৰসমূহৰ ভিতৰত আছে ৬জি, চাইবাৰ সুৰক্ষা, উপগ্ৰহ যোগাযোগ, কৃত্ৰিম বুদ্ধিমত্তা, আইঅ’টি, আৰু টেলিকম উৎপাদন।
এই অনুষ্ঠানত ১.৫ লাখৰো অধিক দৰ্শনাৰ্থী, ৭,০০০ৰো অধিক আন্তঃৰাষ্ট্ৰীয় প্ৰতিনিধি, ৪০০ৰো অধিক প্ৰদৰ্শক, আৰু ১৬০০ৰো অধিক অত্যাধুনিক ব্যৱহাৰৰ ক্ষেত্ৰ প্ৰদৰ্শন কৰা হ’ব বুলি আশা কৰা হৈছে। ১০০ টাতকৈও অধিক আলোচনাসত্ৰ আৰু ৮০০ৰো অধিক বক্তাৰ সৈতে আইএমচি ২০২৫ এ বিশ্বব্যাপী সহযোগিতা আৰু উদ্ভাৱনৰ বাবে এক প্ৰধান মঞ্চ হিচাপে কাম কৰিব।
ভাৰতে নিজৰ ১২ বিলিয়ন মোবাইল গ্ৰাহক আৰু ৯৭ কোটি ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ সৈতে ৫জি ৰোলআউটৰ উৎসৱ উদযাপন কৰাৰ সময়তে এয়া এক সুৰক্ষিত, সৰ্বাংগীন আৰু বিস্তাৰিত ডিজিটেল পৰিৱেশ তন্ত্ৰৰ ওপৰত গুৰুত্ব আৰোপ কৰি নিৰ্ভৰযোগ্য আৰু পৰিৱৰ্তনশীল ডিজিটেল আন্তঃগাঁথনিৰ বাবে বিশ্বব্যাপী কেন্দ্ৰ হিচাপে দেশখনৰ স্থান শক্তিশালী কৰে।
ভৱিষ্যতৰ পথ: চাইবাৰ সজাগতা
চাইবাৰ-অপৰাধৰ ওপৰত জনসাধাৰণৰ সজাগতা বৃদ্ধি কৰিবলৈ চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে।

চাইবাৰ জালিয়াতিৰ বিষয়ে মানুহক সতৰ্ক কৰি দিবলৈ চৰকাৰে ৰেডিঅ’, কাকত আৰু মেট্ৰ’ ঘোষণাৰ জৰিয়তে প্ৰচাৰ অভিযান আৰম্ভ কৰিছে।
বৰ্তমান আৰু সম্ভাৱ্য চাইবাৰ সুৰক্ষাৰ ভাবুকিৰ বিষয়ে প্ৰয়োজনীয় পৰিস্থিতি সজাগতা সৃষ্টিৰ বাবে চিইআৰটি-ইনে ৰাষ্ট্ৰীয় চাইবাৰ সমন্বয় কেন্দ্ৰ (এনচিচিচি) স্থাপন কৰিছে।
মাইগভ প্লেটফৰ্মৰ জৰিয়তে চাইবাৰ সুৰক্ষা আৰু সুৰক্ষা সজাগতা সপ্তাহৰ আয়োজন কৰি জনসাধাৰণক জড়িত কৰা হৈছে।
চাইবাৰ সুৰক্ষা আৰু সুৰক্ষাৰ ক্ষেত্ৰত যুৱক-যুৱতীসকলক পথ প্ৰদৰ্শনৰ বাবে কিশোৰ-কিশোৰী আৰু ছাত্ৰ-ছাত্ৰীৰ বাবে এখন পুস্তিকা প্ৰকাশ কৰা হৈছে।
চাইবাৰ সজাগতা বিয়পোৱাৰ বাবে আৰু চাইবাৰ অপৰাধ প্ৰতিৰোধৰ বাবে সামাজিক মাধ্যমৰ ব্যৱহাৰ কৰা হৈছে।
উত্তৰ পূব ভাৰতত চাইবাৰ জালিয়াতি:
২০২৫ চনৰ ২৮ ফেব্ৰুৱাৰীলৈকে উত্তৰ পূব ভাৰতৰ অসমত ৩০৮২১ টা জালিয়াতিৰ ঘটনা সংঘটিত হৈছে, য’ত প্ৰায় ১৬০ কোটি টকা ৰিপোৰ্ট কৰা হৈছে। ইয়াৰে ভিতৰত ২৭ লাখ টকা ঘূৰাই দিয়া হৈছে আৰু ২০ কোটি টকা লিয়েন কৰা হৈছে। অৰুণাচল প্ৰদেশত ২২৪৬ টা, মেঘালয়ত ২৫১৭ টা, মণিপুৰত ১৯৯২ টা, মিজোৰামত ১১৩৫ টা, নাগালেণ্ডত ১১৬৭ টা,ত্ৰিপুৰাত ৭১৪৩ টা আৰু চিকিমত ৮৪৪ টা জালিয়াতিৰ ঘটনা সংঘটিত হৈছে। ইয়াৰে অৰুণাচল প্ৰদেশত, মেঘালয়ত, মণিপুৰত, মিজোৰামত, নাগালেণ্ডত, ত্ৰিপুৰাত আৰু চিকিমত ক্ৰমে ৫৫ কোটি, ৫২ কোটি, ৩১ কোটি, ১৮ কোটি, ১২ কোটি, ৪৩ কোটি ১৪ কোটি টকা চাইবাৰ অপৰাধীয়ে লুট কৰাৰ ৰিপোৰ্ট দাখিল হৈছে। ইয়াৰে ৰাজ্যকেইখনে ক্ৰমে প্ৰায় ১ লাখ, ০.৯৩ লাখ, ৮ লাখ, ৫ লাখ, ২ লাখ আৰু ৭ হাজাৰ টকা ঘূৰাই আনিব পৰা গৈছে।
উপসংহাৰ
ভাৰত আজি ডিজিটেল পৰিৱৰ্তন আৰু চাইবাৰ ভাবুকিৰ সন্ধিক্ষণত আছে, যি প্ৰগতিৰ লৌহ স্তম্ভ আৰু চাইবাৰ অপৰাধীসকলৰ বাবে চুম্বক, দুয়োটাতে পৰিণত হৈছে। ডিজিটেল ভাৰতৰ দৃষ্টিভংগী উপলব্ধি কৰি, চৰকাৰৰ বহু-স্তৰীয় চাইবাৰ প্ৰতিক্ৰিয়া দলে জালিয়াতি প্ৰতিৰোধত সহায় কৰিছে আৰু হাজাৰ হাজাৰ অপৰাধজনিত কাৰ্য্যকলাপ ব্যাহত হৈছে। উন্নত ফৰেনছিক, বিগ ডাটা বিশ্লেষণ আৰু থলুৱা সমলে ৰাষ্ট্ৰীয় চাইবাৰ সুৰক্ষা বৃদ্ধি কৰিছে। তথাপিও, ভাৰতৰ চাইবাৰ ক্ষেত্ৰখন সুৰক্ষিত কৰাটো এক যৌথ দায়িত্ব, য 'ত চৰকাৰ আৰু নাগৰিকসকলে চাইবাৰ জালিয়াতিৰ বিৰুদ্ধে এই যুঁজত একেলগে কাম কৰিব লাগিব।
সমলসমূহ
Ministry of Statistics & Programme Implementation
Ministry of Electronics & IT
Ministry of Home Affairs
Ministry of Communications
Ministry of Women and Child Development
PIB Backgrounders
World Economic Forum
National Security Council Secretariat
Enforcement Directorate (ED) Annual Reports 2024-2025
India Budget
National Mission on Interdisciplinary Cyber-Physical Systems (NM-ICPS)
Indian Cybercrime Coordination Centre (I4C)
Open Government Data Platform (OGD) India
SM/DPS
(Backgrounder ID: 155421)
आगंतुक पटल : 28
Provide suggestions / comments